সহায় বিচাৰি অহা যুৱকৰ গীত শুনি বিমল বৰাই উপহাৰ দিলে গীটাৰ - পূজাৰ দিনা সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই জুৰিলে গীত

🎬 Watch Now: Feature Video

thumbnail

By

Published : Oct 4, 2022, 10:51 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

আজি নৱমী পূজাৰ দিনা মন্ত্ৰী বিমল বড়াৰ বাসগৃহৰ চৌহদত শুনিবলৈ পোৱা গ'ল এটাৰ পাছত এটাকৈ কালজয়ী গীত (Cultural ministeter Bimal Bora)। টিংখাঙৰ ৰহণ গোহাঁই গাঁৱৰ নিবাসী জুবিন গাৰ্গৰ অনুৰাগী উদীয়মান কণ্ঠশিল্পী ভাস্কৰ ফুকনে শুনালে এটাৰ পিছত আন এটাকৈ হাৰ্টথ্ৰব গৰাকীৰ জনপ্ৰিয় গীত । গীত শুনি মন্ত্ৰী বড়ায়ো ৰ'ব নোৱাৰি নৱমী পূজাৰ দিনা পুৱাই জুৰিলে কালজয়ী গীতৰ কলি(Maha navami 2022) । ভাস্কৰ ফুকন আৰু মন্ত্ৰী বিমল বড়াৰ গীতৰ যুগলবন্দীত মন্ত্ৰীৰ বাসগৃহ চৌহদৰ পৰিৱেশ জীপাল হৈ পৰে । আনহাতে আৰ্থিকভাৱে দুৰ্বল ভাস্কৰে ভৱিষ্যতে এগৰাকী কণ্ঠশিল্পী হিচাপে প্ৰতিষ্ঠিত হোৱাৰ সপোন লৈ আজি পুৱাৰ ভাগত উপস্থিত হৈছিল টিংখাঙৰ বিধায়ক তথা মন্ত্ৰীগৰাকীৰ বাসগৃহত । কণ্ঠশিল্পী ভাস্কৰ ফুকনৰ গীতত মুগ্ধ হৈ এখন গীটাৰ দিয়াৰ ওপৰিও আৰ্থিক ক্ষেত্ৰত কিছু সহায়ৰ হাত আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি আগবঢ়ায় টিংখাঙৰ বিধায়কগৰাকীয়ে (Bimal Bora promised to Bhaskar phukan)।
Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.