thumbnail

By ETV Bharat Assamese Team

Published : Sep 20, 2023, 8:22 PM IST

ETV Bharat / Videos

Minister Bimal Bora:পথ এৰি নাৱত উঠি নদী পাৰৰ ৰাইজৰ সমস্যা বুজ ল’লে মন্ত্ৰী বিমল বড়াই

ডিব্ৰুগড়, 20 ছেপ্টেম্বৰ : সমাগত লোকসভাৰ নিবাৰ্চনৰ প্ৰাকক্ষণত সমষ্টিৰ উন্নয়ন সন্দৰ্ভত তৎপৰ হৈছে মন্ত্ৰী বিমল বড়া । বুধবাৰে পথ এৰি নাৱত উঠি মন্ত্ৰী বিমল বড়াই নদী পাৰৰ ৰাইজৰ সমস্যা বুজ ল’লে । টিংখাং সমষ্টিৰ অন্তৰ্গত বুঢ়ীদিহিং নদীত আজি খোৱাঙৰ গেমন দলঙৰ পৰা আৰম্ভ কৰি আঘোণীবাৰীৰলৈকে পৰিভ্ৰমণ কৰে মন্ত্ৰীজনে ।

প্ৰাকৃতিক পৰিৱেশৰ মাজত একাংশ চৰকাৰী বিষয়াক লগত লৈ নদীৰ মাজে মাজে মন্ত্ৰীজনে আহি বুঢ়ীদিহিং নদীৰ গৰাখহনীয়াৰ দৃশ্য স্বচক্ষে প্ৰত্যক্ষ কৰে । নদীৰ বুকুত নৌকাত উঠি মন্ত্ৰীজনে এনেদৰে ৰাইজৰ সমস্যাৰ বুজ লোৱাত ৰাইজো আনন্দিত হৈছে । মন্ত্ৰীগৰাকীৰ সৈতে কেইবাটাও বিভাগৰ জিলা বিষয়াসকল উপস্থিত থাকে । মন্ত্ৰী গৰাকীৰ এই ভ্ৰমণৰ পাচত টিংখাঙৰ নৈ পাৰৰ ৰাইজৰ কিমান সমস্যাৰ সমাধান হ’ব সেইয়াহে লক্ষ্যণীয় হ’ব ।

লগতে পঢ়ক : Public Protest in Tingkhong: পথৰ ওপৰতে ধূপ-চাকি জ্বলাই ৰাইজৰ প্ৰাৰ্থনা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.