Man wild Elephant Conflict: মৰিয়নীত বন্যহস্তীৰ উপদ্ৰৱ, নিশা বন্যহস্তী খেদাত ব্যস্ত বন বিভাগ - Hoollongapar Gibbon Sanctuary in Jorhat

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 11:01 PM IST

যোৰহাট, 7 নৱেম্বৰ : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত ৷ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰি বন্যহস্তীয়ে সৃষ্টি কৰিছে সন্ত্ৰাস ৷ মৰিয়নীৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ ৷ উল্লেখ্য যে, গিবন অভয়াৰণ্যৰ পৰা ওলাই অহা বন্যহস্তীৰ বৃহৎ জাকে মৰিয়নীৰ চৈকতা, কাটনিবাৰী আৰু খৰিকতীয়া অঞ্চলত উপদ্ৰৱ চলাই আহিছে ৷ ৰাইজৰ অভিযোগ অনুসৰি, ধান পকিবৰ সময়ত প্ৰতি বছৰে গিবন অভয়াৰণ্যৰ পৰা বৃহৎ বন্যহস্তীৰ জাক ওলাই আহি পকা ধান অনিষ্ট কৰে ৷ 

পথাৰত আশ্ৰয় লৈ থকা বন্যহস্তীৰ জাকটোক পুনৰ বনাঞ্চললৈ খেদি পঠিয়াবলৈ চেষ্টা কৰে বন বিভাগে ৷ বন বিভাগৰ লগতে স্থানীয় ৰাইজেও হাতীৰ জাকটোক খেদাত সহযোগ কৰে ৷ আনহাতে দীৰ্ঘদীন ধৰি মৰিয়নীৰ বিভিন্ন অঞ্চলত বন্যহস্তীয়ে উপদ্ৰৱ চলোৱাৰ কথা উল্লেখ কৰিছিল বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷

লগতে পঢ়ক:Mini Hornbill Festival : চুবুৰীয়া ৰাজ্য নাগালেণ্ডত আয়োজন মিনি হৰ্ণবিল উৎসৱ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.