Oil leakage at Tingkhong : সংঘটিত হ’ব পাৰে বাঘজানৰ দৰে অনুৰূপ ঘটনা!

By

Published : May 5, 2023, 5:04 PM IST

thumbnail

ডিব্ৰুগড়, 5 মে’ : অইলৰ পাইপ ফুটি তেল নিৰ্গমনৰ ঘটনা সংঘটিত হৈছে টিংখাঙত ৷ টিংখাঙৰ শালমাৰি-দীঘলীয়া গাঁৱত অইলৰ তেল নিৰ্গমনৰ ফলত এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে । অঞ্চলটোৰ ১ নং অ'চি এচৰ পৰা ২ নং অ'চি এচ সংযোগী মূল তেল পৰিবাহী পাইপৰ পৰা তেল নিৰ্গমন হৈ প্ৰায় ১ কি:মি: অঞ্চল জুৰি বিয়পি পৰে । তেল নিৰ্গমনৰ ফলত অঞ্চলটোৰ জৈৱ বৈচিত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ লগতে যিকোনো মুহূৰ্ততে ভয়ংকৰ অগ্নিসংযোগৰ আশংকাত শংকিত হৈ পৰিছে স্থানীয় ৰাইজ (oil leakage at Tingkhong) ।

আনহাতে বিয়পি পৰা তেলৰ উৎকট গোন্ধৰ ফলত স্থানীয় ৰঞ্জুমণি গগৈ নামৰ মহিলাগৰাকীৰ ব্ৰইলাৰ ফাৰ্মৰ বহু সংখ্যক ব্ৰয়লাৰ মৃত্যুমুখত পৰিছে । আনহাতে তেল নিৰ্গমনৰ ফলত স্থানীয় মিনপালক সকলো যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে বুলি জানিব পৰা গৈছে । উল্লেখযোগ্য যে অইল ইণ্ডিয়া লিমিটেডৰ আওপুৰণি পাইপসমূহ সলনি নকৰাৰ বাবেই এনে ঘটনা সংঘটিত হৈছে বুলি জানিবলৈ দিছে স্থানীয় ৰাইজে । ইতিমধ্যে ঘটনাস্থলীত অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ লোক উপস্থিত হৈ তেল নিৰ্গমন বন্ধ কৰিছে যদিও পথাৰত বিয়পি থকা তেলৰ পৰা যিকোনো মুহূৰ্ততে ভয়ংকৰ ঘটনা সংঘটিত হ'ব পাৰে । অইল ইণ্ডিয়া কৰ্তৃপক্ষক ভুক্তভোগীসকলে উচিত ক্ষতিপূৰণ দিয়াৰ দাবী তোলাৰ লগতে অতি শীঘ্ৰে ইয়াৰ স্থায়ী সমাধানৰ আহ্বান জনাইছে (locals demand compensation over oil leakage) ৷

লগতে পঢ়ক : Elephant Menace: জোনাইত বন্যহস্তীৰ উপদ্ৰৱ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.