মৰিগাঁৱত জোনবিল মেলাৰ প্ৰস্তুতি তুংগত

By ETV Bharat Assamese Team

Published : Jan 4, 2024, 10:31 PM IST

thumbnail

মৰিগাঁও, 4 জানুৱাৰী : আগন্তুক ১৮,১৯ আৰু ২০ জানুৱাৰী অৰ্থাৎ বৃহস্পতিবাৰ,শুকুৰবাৰ আৰু শনিবাৰে অনুষ্ঠিত হ’ব প্ৰাচীনতম বিনিময় প্ৰথা । প্ৰাচীনতম গোভা ৰাজ্যৰ জোনবিলৰ পাৰত অনুষ্ঠিত হ’ব মধ্যযুগীয় প্ৰতীকী ৰজাৰ ৰাজ পৰিষদ । ওঠৰজনকৈ প্ৰতীকী ৰজাক প্ৰদান কৰিব ৰাজভাট্টা ।

সাত লাখ পৰ্যটকক আদৰিবলৈ সাজু হৈছে ঐতিহাসিক গোভা জোনবিল মেলাৰ আদৰণি সমিতি । বৃহস্পতিবাৰে এই কথা ঘোষণা কৰিছে গোভা জোনবিল মেলাৰ পৰিচালনা সমিতিৰ সম্পাদক জুৰচিং বৰদলৈয়ে । ইয়াৰ বাবে ঐতিহ্যমণ্ডিত গোভা ৰজা দীপচিং দেউৰজাৰ নেতৃত্বত আগন্তুক ১৮,১৯ আৰু ২০ জানুৱাৰীত অনুষ্ঠিত হ’ব তিনিদিনীয়া ঐতিহাসিক জোনবিল মেলা ।

পাহাৰ-ভৈয়ামৰ সমন্বয়থলী চূণ-তেল ঘঁহি সজাই পৰাই তোলা হৈছে । বিগত মাহজুৰি চলিছে প্ৰস্তুতি ৷ বৃহস্পতিবাৰলৈকে প্ৰায় চল্লিশ শতাংশ কাম সম্পন্ন কৰিছে পৰিচালনা সমিতিয়ে । উল্লেখ্য যে, এই বেলি ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয় ডিমাপুৰ আৰু ইউনিচেফৰ ১৪ জনীয়া প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি প্ৰাচীন বিনিময় প্ৰথাক বিশ্ব দৰবাৰলৈ লৈ যাব । সম্পাদক জুৰচিং বৰদলৈয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি ৰূপে উপস্থিত থাকিব বুলি সদৰী কৰে ৷

লগতে পঢ়ক : অবৈধ সুৰা বিক্ৰী কৰা ধাবাত ছীল-মোহৰ মাৰিলে মৰিগাঁও জিলা প্ৰশাসনে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.