Amrit Kalash Yatra: বঢ়মপুৰত অমৃত কলহ যাত্ৰাৰ সামৰণী অনুষ্ঠান - Meri Mitti Meri Desh

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 9:30 PM IST

Updated : Oct 5, 2023, 9:58 PM IST

বঢ়মপুৰ,৫ অক্টোবৰ: মোৰ দেশ মোৰ মাটি কাৰ্যসূচীৰ অংশস্বৰূপে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে অমৃত কলহ যাত্ৰা । অমৃত কলহ যাত্ৰাত নামি পৰিছে মন্ত্ৰী-বিধায়ককে ধৰি বিজেপিৰ নেতা-পালি নেতা । ৰৈ নাথাকিল বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীও । বঢ়মপুৰৰ ননৈত অমৃত কলহ যাত্ৰাৰ সামৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰে বিধায়ক জিতু গোস্বামীয়ে ।  

বৃহস্পতিবাৰে প্ৰতিকূল বতৰকো নেওচি বৰষুণত তিতি তিতি অমৃত কলহ যাত্ৰাৰ বিশাল ৰেলীত অংশগ্ৰহণ কৰে সহস্ৰাধিক লোকে । ১৯৪২ ভাৰত ত্যাগ আন্দোলনত দেশৰ হকে প্ৰাণ আহুতি দিয়া বঢ়মপুৰৰ শ্বহীদ বলো সূতৰ বাসগৃহৰ পৰা আৰম্ভ হোৱা এই ৰেলীৰ পিছত ননৈত অমৃত কলহ যাত্ৰাৰ সামৰণী অনুষ্ঠান অনুষ্ঠিত হয় । উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি বিধায়কগৰাকীয়ে সংবাদ মাধ্যমৰ আগত আগবঢ়াই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য ।  

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এই আহ্বানক ৰাজ্যৰ সকলো শ্ৰেণীৰ ৰাইজে সঁহাৰি দিয়াৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে বিধায়কগৰাকীয়ে । লগতে তেওঁ কয় যে এই পদক্ষেপ সঁচাকৈয়ে আদৰণীয় । এনেবোৰ পদক্ষেপৰ বাবে প্ৰধানমন্ত্ৰীগৰাকী তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সকলোৰে অন্তৰত স্থান পাবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক: Amrit Kalash Yatra : ছাত্ৰ-ছাত্ৰীক অমৃত কলহ যাত্ৰা কৰোৱা মুখ্যমন্ত্ৰীৰ পত্নী-কন্যা বিদেশত ব্যস্ত প্ৰমোদ ভ্ৰমণত

Last Updated : Oct 5, 2023, 9:58 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.