Rice seized in Dhemaji: ধেমাজিত ৮৮৬ বস্তা শালি ধান জব্দ

By

Published : Dec 15, 2022, 4:43 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

thumbnail
ধেমাজিত ৮৮৬ বস্তা শালি ধান জব্দ ৷ ধেমাজি খাদ্য, অসামৰিক যোগান তথা গ্ৰাহক পৰিক্ৰমা বিভাগে জব্দ কৰিছে বৃহৎ পৰিমাণৰ ধানখিনি ৷ উল্লেখ্য যে, একাংশ অসাধু ব্যৱসায়ীয়ে নূন্যতম সমৰ্থিত মূল্যতকৈ কম দামত কৃষকৰ পৰা ক্ৰয় কৰিছিল ধানখিনি ৷ ধেমাজি জিলা উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্যৰ নিৰ্দেশত চলা অভিযানত ন-মৰিঢল চাৰিআলিৰ পৰা জব্দ কৰা হয় ধানখিনি ৷ সিধ্বু ৰাঠী, ৰামপিত সিং আৰু প্ৰফুল্ল গগৈ নামৰ লোক তিনিজনৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা জব্দ কৰে এই ধানখিনি ৷ ধানখিনিৰ সৰ্বমুঠ পৰিমাণ ৩৩১ কুইণ্টল ৷ মন কৰিব লগীয়া যে, ৰাজ্যৰ ধান ক্ৰয় কেন্দ্ৰত কৃষকৰ পৰা প্ৰতি কুইণ্টল ধান ২০৪০ টকা নূন্যতম সমৰ্থিত মূল্যত ক্ৰয়ৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ কিন্তু তাৰ পিছতো একাংশ অসাধু ব্যৱসায়ীয়ে কম মূল্যত কৃষকৰ পৰা ক্ৰয় কৰি আহিছে ধান ৷
Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.