অসমত বিজেপি মিত্ৰজোঁটৰ আসন ভাগ-বাটোৱাৰা অমিত শ্বাহৰ এক মিনিটৰ কাম ! - Lok sabha election

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 7, 2023, 10:48 PM IST

গুৱাহাটী, ৭ ডিচেম্বৰ: লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক সিদ্ধান্তৰ কোনো কৰ্তৃত্বই নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত । নাই অগপৰ সভাপতি অতুল বৰা বা ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৰ হাততো । অমিত শ্বাহৰ হাততেই লোকসভা নিৰ্বাচনৰ সকলো চাবিকাঠি ৷ গুৱাহাটীৰ বাজপেয়ী ভৱনত বৃহস্পতিবাৰে সন্ধিয়া এই মন্তব্য খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷

“এইবোৰ আমি পাতিনো কি লাভ হ’ব ? অমিত শ্বাহ ডাঙৰীয়াৰ হাতত পুথি-পাজি থাকিব ৷ সেইবোৰ মেলি তেওঁ কোন ক’ত শক্তিশালী চাই সিদ্ধান্ত ল’ব ৷ তই ইয়াত যুঁজ দে, তই ইয়াত যুঁজ বুলি ক’ব, এক মিনিটত কাম শেষ ৷ এইবোৰ লৈ আলোচনা কৰি থকাৰ কি কাম আছে ?” অসমত বিজেপি মিত্ৰজোঁটৰ আসন ভাগ-বতৰাক লৈ এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ ৷ 

অৰ্থাৎ অগপ বা ইউপিপিএলে নিজৰ সুবিধা অনুসৰি নিৰ্বাচন কৰিব নোৱাৰিব লোকসভা সমষ্টি ৷ অমিত শ্বাহে য’তেই কয় তাতেই অতুল বৰা আৰু প্ৰমোদ বড়োৱে প্ৰাৰ্থী দিব লাগিব ৷ মুখ্যমন্ত্ৰীগৰাকীৰ আজিৰ এই বক্তব্যৰ পৰা এটা কথা স্পষ্ট হ’ল যে আগন্তুক লোকসভা নিৰ্বাচনত অসমত আসন ভাগ-বাটোৱাৰাৰ বাবে ইতিমধ্যে সকলো কৰ্তৃত্ব অমৃত শ্বাহৰ ওপৰত অৰ্পণ কৰিছে অতুল বৰা আৰু প্ৰমোদ বড়োৱে ৷ 

ইফালে বিৰোধীৰ প্ৰসংগত এ আই ইউ ডি এফৰ বাহিৰে সকলোৰে লগত গোপন বুজাবুজি থকা বুলি ক’লে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ চাৰে এঘাৰখন আসনৰ কথা পুনৰ উল্লেখ কৰি তেওঁ কয় যে অচিৰেই বিৰোধী ঐক্যত আৰু এটা দল (এ আই ইউ ডি এফ) যোগ হ’ব ৷ তথাপিও আঢ়ৈখন আসনেই তেওঁলোকৰ ভাগ্যত থাকিব ৷

লগতে পঢ়ক: লোকসভা নিৰ্বাচনত অসমত ৬ খন আসনত কংগ্ৰেছক জয়ৰ স্বপ্ন দেখুৱাইছে আজমলে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.