Anger of retired employees : ৪৬ মাহে দৰমহা নোপোৱাকৈয়ে অৱসৰ কৰ্মচাৰীৰ - Govt cheats retired staff of Development Authority
🎬 Watch Now: Feature Video
বঙাইগাঁও,৩১ জানুৱাৰী : এফালে চৰকাৰৰ উন্নয়নৰ ঢাক-ঢোল । আনফালে দৰমহাৰ পৰা বঞ্চিত কৰ্মচাৰীৰ উচুপনি । প্ৰাপ্য মজুৰি নাপায় সমস্যাত পৰিছে অৱসৰপ্ৰাপ্ত কৰ্মচাৰী । পাবলগীয়া দৰমহাৰ লগতে অৱসৰৰ পাছত পাবলগীয়া ধন মোকলাই দিবলৈ অনুৰোধ কৰ্মচাৰী ।
যি সময়তে অসমৰ মুখ্যমন্ত্ৰীকে ধৰি শাসকীয় পক্ষৰ সকলোৰে মুখত কেৱল উন্নয়নৰ কথা শুনিবলৈ পোৱা গৈছে । তেনে সময়তে ন্যায্য প্ৰাপ্তিৰ পৰা বঞ্চিত হৈছে একাংশ কৰ্মচাৰী । ৪৬ মাহে দৰমহাৰ পৰা বঞ্চিত অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে কেমেৰাৰ সন্মুখতে ক্ষোভ প্ৰকাশ কৰিবলগীয়া হৈছে । দৰমহা মোকলাই দিবলৈ মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান জনাইছে কৰ্মচাৰীয়ে (Retired employees demand in Bongaigaon)।
উল্লেখ্য যে ৰাজ্যৰ উন্নয়ন প্ৰাধিকৰণ বিভাগটোত কৰ্মৰত বহু কৰ্মচাৰী দীৰ্ঘদিন ধৰি প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত হৈ আছে । ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণ কাৰ্যালয়ৰ পৰা ৪৬ মাহৰ দৰমহা লাভ নকৰাকৈয়ে অৱসৰ লোৱা ৰঞ্জিত শৰ্মাই উদঙালে চৰকাৰৰ প্ৰতাৰণাৰ আন এক দিশ । বঙাইগাঁৱৰ বীৰঝৰা পুথিভঁৰালত দুদিনীয়াকৈ আয়োজন কৰা সদৌ অসম উন্নয়ন প্ৰাধিকৰণ কৰ্মচাৰী ঐক্য মঞ্চৰ ১০ম ত্ৰি-বাৰ্ষিক অধিৱেশনত (All Assam Development Authority Employees Union Forum) চৰকাৰী প্ৰতাৰণাৰ বিৰুদ্ধে ক্ষোভ উজাৰে বঞ্চিত কৰ্মচাৰীগৰাকীয়ে ।
ৰঞ্জিত শৰ্মা নামৰ কৰ্মচাৰীজনে ইতিমধ্যে ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণ কাৰ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰিছে । কিন্তু লক্ষণীয়ভাৱে এতিয়ালৈ তেওঁ অৱসৰৰ পাছত পাবলগীয়া ধন লাভ কৰা নাই । কেৱল সেয়াই নহয় ৪৬ মাহৰ দৰমহাও পাবলগীয়া আছে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীজনে (Employees deprived of salary for 46 months)। যাৰ বাবে আৰ্থিক দিশত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীজন ।
সন্তানৰ পঢ়া-শুনাৰ পৰা আৰম্ভ কৰি পিতৃ-মাতৃৰ হাস্পতালৰ চিকিৎসাৰ খৰচ পৰ্যন্ত তেওঁ বহন কৰিব লাগে । কিন্তু প্ৰাপ্য ধনখিনি নোপোৱাত অৱসৰপ্ৰাপ্ত কৰ্মচাৰীগৰাকী বিপাঙত পৰিছে (Govt cheats retired employees in Dibrugarh)। উন্নয়ন প্ৰাধিকৰণ বিভাগটোৰ হৈ অতি নিষ্ঠাৰে কাম কৰাৰ পাছতো বিভাগটোৱে এইধৰণৰ প্ৰতাৰণা কৰাত তেওঁ হতাশাত ভুগিছে ।
কেৱল ৰঞ্জিত শৰ্মাই নহয় ৰাজ্যৰ এনে বহু কৰ্মচাৰী আছে যিয়ে এতিয়া ন্যায্য প্ৰাপ্তিৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে । কিন্তু চৰকাৰে এইসকল কৰ্মচাৰীৰ কথা চিন্তা কৰিব নে ? সেয়া অৱশ্যে সময়েহে ক'ব !