Golaghat Triple murder case update: উপ আৰক্ষী অধীক্ষক মৃন্ময় দাসৰ নেতৃত্বত গঠন বিশেষ তদন্তকাৰী দল - গঠন কৰা হৈছে বিশেষ তদন্তকাৰী দল

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 27, 2023, 10:33 PM IST

যোৰহাট, 27 জুলাই : গোলাঘাট ট্ৰিপল মাৰ্ডাৰ ঘটনাৰ তদন্ত অব্যাহত আছে  ৷ এই ঘটনাৰ অনুসন্ধানৰ বাবে গোলাঘাটৰ আৰক্ষী অধীক্ষক পুষ্কিন জৈনে বৃহস্পতিবাৰে অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় দাসৰ নেতৃত্বত এটা 4 জনীয়া বিশেষ তদন্তকাৰী দল গঠন কৰিছে ৷ ইতিমধ্যে ঘাটক নাজিবুৰ,  ভ্ৰাতৃ হাজিবুল আৰু মাতৃক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ নাজিবুৰে সংঘটিত কৰাৰ হত্যাকাণ্ডৰ লগত মাতৃ, ভ্ৰাতৃ জড়িত থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷

বুধবাৰে নিশা ভাগত মৰিয়নীৰ শহুৱেৰক ঘৰত আত্মগোপন কৰি থকা অৱস্থাত অভিযুক্ত নাজিবুৰৰ ভাতৃ হাজিবুল ৰহমান আৰু গোলাঘাট পৰা মাতৃ ছালেহা বেগমক আটক কৰা হৈছিল ৷ তাৰ পিচতে নাজিবুৰৰ ভ্ৰাতৃ আৰু মাতৃক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ ইফালে চি আই ডিৰ দলে আজিও ঘটনাস্থলীলৈ গৈ তথ্য প্ৰমাণৰ সন্ধান কৰে ৷  

উল্লেখ্য যে, নাজিবুৰ ৰহমান বৰাই গোলাঘাট জিলাৰ মাজমজিয়াত দিন দুপৰতে সঞ্জীৱ ঘোষ, জুনু ঘোষ আৰু পত্নী সংঘমিত্ৰা ঘোষক চোকা অস্ত্ৰৰে ৰেপি ৰেপি হত্যা কৰিছিল ৷ 

লগতে পঢ়ক: Golaghat Triple Murder update : নাজিবুৰৰ ভাতৃ হাজিবুলক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.