Plantation program: উত্তৰ বঙাইগাঁৱত ফল-মূল তথা ঔষধি গছপুলি ৰোপণ - Medicinal plant garden in Bongaigaon
🎬 Watch Now: Feature Video
Published : Sep 20, 2023, 7:29 PM IST
বঙাইগাঁও,২০ ছেপ্টেম্বৰ: ভাৰত বিকাশ পৰিষদৰ বীৰঝৰা শাখাই বঙাইগাঁও চহৰৰ দোলাই গাঁওস্থিত পৰিৱেশ কাননত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে ভাৰত বিকাশ পৰিষদৰ বিষয়-ববীয়া আৰু সামাজিক বন বিভাগৰ বিষয়া-কৰ্মীয়ে ৰোপণ কৰে ফল-মূলৰ গছপুলি । উত্তৰ বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ওচৰত চাৰি বিঘা দহ লেচা ভূমিত বিগত ২০১৯ চনতে বিভিন্ন ফল-মূল আৰু ঔষধি গছপুলি ৰোপণ কৰি গছ-গছনিৰ বাগান গঢ়ি তোলে ভাৰত বিকাশ পৰিষদৰ বীৰঝৰা শাখাই ।
ইয়াৰে কিছু সংখ্যক গছ মৰি যোৱাত বুধবাৰে ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা পুনৰ ৩০০ গছপুলি ৰোপণ কৰে । জানিব পৰা অনুসৰি ভাৰত বিকাশ পৰিষদে ইয়াক স্থায়ী প্ৰকল্প হিচাবে গঢ়ি তুলি বিভিন্ন ফল-মূল তথা ঔষধি গছৰ বাগান কৰি তোলাৰ প্ৰয়াস কৰিছে । ছাত্ৰ-ছাত্ৰীসকলে ইয়াৰ জৰিয়তে পৰিৱেশ অধ্যয়ন কৰিব পৰাৰ লগতে গছৰসমূহৰ বৈশিষ্ট্য জানিব পাৰিব । ইয়াৰ বাবে গছসমূহৰ নাম, বৈজ্ঞানিক নাম ইয়াৰ বৈশিষ্ট্য আদি লিখি ৰাখি ছাত্ৰ-ছত্ৰী উপকৃত হ'ব পৰাকৈ ব্যৱস্থা কৰা হ'ব বুলি উল্লেখ কৰে ।
লগতে পঢ়ক: Dead body recovered: তিনিচুকীয়াত অচিনাক্ত মৃতদেহ উদ্ধাৰ