মাজুলী : আজি মাঘ মাহৰ প্ৰথমটো দেওবাৰ । এই মাঘ মাহৰ প্ৰথমটো দেওবাৰে মাজুলীৰ আজলি আই (বা- ভগা) থানত অনুষ্ঠিত হয় বাৰ্ষিক থান সেৱা উৎসৱৰ । এইবছৰো আজি এই থানখনত অনুষ্ঠিত হৈছে বাৰ্ষিক নাম সেৱা উৎসৱ । মাজুলীৰ লগতে অসমৰ হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজক আদৰিছে উদ্যোক্তা তথা থান সেৱা সমিতিয়ে ।
পুৱাৰ পৰা হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে মায়ামৰা আজলী আই (বা-ভগা) থান । পুৱা ভাগৰ পৰা মায়ামৰা আজলী আই (বা-ভগা) থানত এগছি চাকি বন্তি জ্বলাবলৈ মাজুলীৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ লোকে ভিৰ কৰিছেহি । জানিব পৰা মতে, অসমৰ প্ৰায় ১৫ খন জিলাৰ হাজাৰ হাজাৰ ভক্তই প্ৰাৰ্থনা আগবঢ়ায় এই আজলী আই (বা-ভগা) থানত ।
উল্লেখ্য যে, শংকৰদেৱৰ নুমলীয়া জী আছিল এই আজলী আই । অনিৰুদ্ধ দেৱৰ মাতৃ এই আজলী আয়ে মানৰ আক্ৰমণৰ সময়ত মাজুলীত গোপনে বাঁহৰ পাতি আছিল আৰু ইয়াতেই তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছিল । আজলী আয়ে শেষ নিশ্বাস কৰা যিটো দিন সেই দিনটোত আজলী আইক সুঁৱৰি আজলী আই থানত বাৰ্ষিক নাম কীৰ্তন অনুষ্ঠিত কৰে মায়ামৰা সম্প্ৰদায়ৰ লোকসকলে ।
আয়োজক সমিতিৰ এজন সদস্যই উল্লেখ কৰে, ‘‘মায়ামৰা আজলী আই থানৰ বাৰ্ষিক উৎসৱ প্ৰথম অৱস্থাত মায়ামৰা সাম্প্ৰদায়ৰ মাজতে সীমিত আছিল এই অনুষ্ঠান ভাগ । তদুপৰি পোন প্ৰথমে হাবিৰ মাজত প্ৰতিষ্ঠা লাভ কৰিছিল এই অনুষ্ঠান ভাগিয়ে । ইয়াৰ পাছৰ পৰ্যায়ত স্থানীয় ৰাইজে অৱদান আগবঢ়োৱাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজে অৱদান আগবঢ়াইছিল বাৰ্ষিক থান সেৱা উৎসৱটিলৈ ।’’
অসম চৰকাৰখনেও বাৰ্ষিকভাৱে আয়োজিত এই অনুষ্ঠান ভাগিলৈ সহায়-সহযোগিতা আগবঢ়োৱাৰ বাবে বাৰ্ষিক থান সেৱা উৎসৱটি আজিৰ এই অৱস্থা পাইছে বুলি জানিব পৰা গৈছে । আজলি আই (বা ভগা) থান মাজুলীৰ মধ্যভাগৰ শেনচোৱা অঞ্চলত অৱস্থিত । মায়ামৰা সম্প্ৰদায়ৰ লোকসকলে আজলি আই থান (বা ভগা) থানক পৱিত্ৰ তীৰ্থস্থান হিচাপে গণ্য কৰি আহিছে ।
জানিব পৰা মতে, ১৬০৭ চনত (১৫২৯ শক) স্থাপিত হৈছিল এই থানখন । স্থানীয় মায়ামৰা সম্প্ৰদায়ৰ শিষ্যসকলে এই থানৰ নামঘৰত চাকি-বন্তি জ্বলাই এক আধ্যাত্মিক পৰিৱেশ বৰ্তাই ৰাখে ।