thumbnail

Training Camp Under Nipun Assam: শিৱসাগৰত বুনিয়াদী শিক্ষা আৰু সাংখ্যিকতাৰ প্ৰশিক্ষণ শিৱিৰ

By

Published : Mar 3, 2023, 10:44 PM IST

আমগুৰি,৩ মাৰ্চ: বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাক এতিয়া দেশৰ ভিতৰতে শিক্ষাত সৰ্বোচ্চ অগ্ৰাধিকাৰ দিছে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ য়ে(National education policy 2020) । ইয়াৰ বাবে ২০২১ চনৰ ৫ জুলাইত এই বুনিয়াদী সাক্ষৰতা আৰু সংখ‍্যা জ্ঞান প্ৰাপ্তিৰ লক্ষ‍্যৰে নিপুন ভাৰত নামেৰে ভাৰত চৰকাৰে এক ৰাষ্ট্ৰীয় উদ্যোগ আৰম্ভ কৰিছিল । সেই উদ্দেশ‍্য সফল কৰিবলৈ অসমতো বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে শিৱসাাগৰৰ হাঁহচৰা উচ্চ মাধ্যমিক বিদ্যালয়তো চাৰিদিনীয়াকৈ অনুষ্ঠিত হৈছে বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ প্ৰশিক্ষণ প্ৰদান অনুষ্ঠানৰ(Foundational Literacy and Numeracy Mission in Sivsagar) । চাৰিদিনীয়াকৈ শিৱসাগৰৰ হাঁহচৰা উচ্চ মাধ্যমিক বিদ্যালয়ত খেলুৱা শিক্ষাখণ্ডৰ অন্তৰ্গত ২৩ টা মণ্ডল সমল কেন্দ্ৰৰ প্ৰাথমিক বিদ্যালয়ৰ মুঠ ৪৬ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক নিপুণ অসম অভিযানৰ অধীনত বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে(Training Camp Under Nipun Assam) । 

ছাত্ৰ-ছাত্ৰীসকলৰ ভাষিক আৰু সাংখ্যিক জ্ঞানৰ ক্ষেত্ৰত উন্নত পাঠদানৰ উদ্দেশ্যে আগত ৰাখি এই প্ৰশিক্ষণ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে খেলুৱা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মহেন্দ্ৰ শৰ্মাই । এই প্ৰশিক্ষণ অনুষ্ঠানৰ উদ্বোধন কৰে খেলুৱা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মহেন্দ্ৰ শৰ্মাই । শিক্ষক-শিক্ষয়িত্ৰী সকলৰ শপত গ্ৰহণৰ পাছতে আৰম্ভ হয় এই প্ৰশিক্ষণ কাৰ্যসূচী । এই প্ৰশিক্ষণৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক উন্নত পাঠদান প্ৰদানৰ ক্ষেত্ৰত যথেষ্ট ফলপ্ৰসূ হ'ব বুলি আশা ব্যক্ত কৰে শিক্ষক-শিক্ষয়িত্ৰী -সকলে । 

লগতে পঢ়ক: HSLC Exam 2023: ধেমাজিত ৩৪ টা কেন্দ্ৰত অনুষ্ঠিত হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.