Prithvi Majhi dances Jhumur: ঝুমুৰ নাচিলে প্ৰাক্তন মন্ত্ৰী পৃথিৱী মাঝিয়ে - Karam Festival Celebrated in Dibrugarh

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 8:33 PM IST

ডিব্ৰুগড়, ৯ ছেপ্টেম্বৰ: নতুন প্ৰজন্মক জাতীয় সংস্কৃতিৰ প্ৰতি উদ্বুদ্ধ কৰি তোলাত জাতীয় বিদ্যালয়সমূহে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে । অসমৰ জাতি-জনগোষ্ঠীসমূহৰ প্ৰতিটো উৎসৱ-পাৰ্বন আৰু সংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে পৰিচয় কৰাই দিয়াত জাতীয় বিদ্যালয়ৰ যি লক্ষ্য আৰু উদ্দেশ্য সেয়া জাতি প্ৰেমৰ অনন্য নিদৰ্শন ।  

এতিয়া ভাদ মাহ, কেঁচা সোণৰ দেশত চাহ জনগোষ্ঠীৰ জাতীয় উৎসৱ কৰম পৰব অনুষ্ঠিত হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰত । ইয়াৰ মাজতে সাংস্কৃতিক সমন্বয় স্থাপনৰ উদ্দেশ্যে ডিব্ৰুগড়ৰ কনক চন্দ্ৰ জাতীয় বিদ্যালয়ত শনিবাৰে আয়োজিত হয় ঝুমুৰ সন্মিলন । মাদলৰ চেৱত বিদ্যালয়ৰ চৌহদত উখল-মাখল পৰিৱেশে বিৰাজ কৰে । ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে পৰিৱেশন কৰা ঝুমুৰৰ তালে তালে নৃত্য পৰিৱেশন কৰে প্ৰাক্তন মন্ত্ৰী পৃথিৱী মাঝিৰ লগতে অতিথিসকলে ।  

জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোৱে বিশেষকৈ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা পৰিৱেশিত ঝুমুৰৰ ছন্দত বিলীন হৈ পৰিল বিদ্যালয়ৰ চৌহদ । বিদ্যালয়খনৰ সকলো জাতি-জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীয়ে ঝুমুৰ সন্মিলনত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ।

লগতে পঢ়ক: Protest against Bodoland University VC: বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.