Poor Irrigation system in Kaliabor:ছয় বছৰে বিকল কলং উত্তোলিত জলসিঞ্চন প্ৰকল্প

By

Published : Jun 15, 2023, 4:47 PM IST

thumbnail

কলিয়াবৰ, ১৫ জুন:জেঠ মাহৰ শেষৰ কেইদিনমান বৰষুণ দিয়াত খেতিয়কসকলে সাজু কৰিছে কঠিয়াতলী । কিন্তু কলিয়াবৰত খেতিয়কৰ এটাই চিন্তা, কঠীয়া বাৰু হ'ব, কিন্তু ৰুব ক'ত ? এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ জলসিঞ্চন আঁচনিৰ পৰা উপকৃত হোৱাৰ আশা এক প্ৰকাৰৰ বাদ দিছে কলিয়াবৰৰ খেতিয়কে । কিয়নো, যোৱা ছয় বছৰে বিকল আঁচনি সুচল কৰিবলৈ জলসিঞ্চন বিভাগৰ সদিচ্ছাৰ অভাৱত একমাত্ৰ বৰুণ দেৱতাকে ভৰষা কৰি ধান খেতি কৰি আহিছে কলিয়াৰৰ অধিকাংশ খেতিয়কে ।  

উল্লেখ্য় যে ২০১৭ চনৰ আগষ্টৰ বানত ক্ষতিগ্ৰস্ত হোৱা হাতীমূৰাস্থিত কলং উত্তোলিত জলসিঞ্চন প্ৰকল্পৰে সংযোগী মূল নলা আজি পৰ্যন্ত মেৰামতি নোহোৱাত একাংশ খেতিয়কৰ মাজত হাহাকাৰ লাগিছে । বিভাগটোৱে বানত ক্ষতিগ্ৰস্ত হোৱা জলসিঞ্চনৰ নলা মেৰামতি কৰাৰ কোনো ব‍্যৱস্থাই গ্ৰহণ কৰা নাই ।  

কলিয়াবৰৰ হাতীমূৰাৰ উত্তোলিত জলসিঞ্চন আঁচনিৰ ভগ্ন নলাসমূহ যোৱা ছয় বছৰে মেৰামতিৰ কোনো ব‍্যৱস্থা নকৰাত হাতীমূৰাৰ পৰা অহা মূল নলাৰ বেছি অংশই হাবি-বননিৰে ভৰি পৰিছে । তাৰ মাজতে বৰুণ দেৱতাৰ কৃপাত কলিয়াবৰৰ শুকান পথাৰ জীপাল হোৱাত পলমকৈ হ'লেও হাল জুৰিছে পথাৰত । বৰষুণৰ ভৰষাতে কঠিয়াতলীত কঠিয়া সিঁচিছে । কিন্তু বতৰে কৃপা নকৰিলে পূৰ্বৰ দৰেই বিপদত পৰিব খেতিয়কসকল । ৰাজ‍্যৰ কৃষি বিভাগে বিভিন্ন চৰকাৰী আঁচনিৰ জয়ঢোল বজাই যদিও বিভাগটোৰে জলসিঞ্চন বিভাগৰ ৰাহি-যোৰা কস্মিন কালেও নাহে । তেনে পৰিপ্ৰেক্ষিতত ৰাজ‍্য চৰকাৰৰ আঁচনিৰ সুফল খেতিয়কে লাভ কৰাটো দুৰূহ ।

লগতে পঢ়ক:Majuli Mob Lynching incident : মাজুলীৰ বাঘগাঁৱৰ গণ প্ৰহাৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া ক্ষীপ্ৰতাৰে আগবঢ়াই নিয়াৰ নিৰ্দেশ IGP জিৎমল দলেৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.