Drinking Water Issue:জোনাইত খোৱা পানীৰ বিশুদ্ধিকৰণৰ প্ৰশিক্ষণ শিবিৰ - NRHM

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 24, 2023, 9:02 PM IST

জোনাই, ২৪ জুলাই: জোনাইত জল জীৱন মিছন আঁচনি আৰু NRHM ৰ উদ্যোগত খোৱা পানী বিশুদ্ধিকৰণৰ প্ৰশিক্ষণ শিৱিৰ আয়োজন কৰা হয়  ৷ সোমবাৰে জোনাই মহকুমাৰ অন্তৰ্গত কেবাখনো গাঁৱত খোৱা পানী বিশুদ্ধিকৰণৰ বাবে এখন প্ৰশিক্ষণ শিৱিৰ অনুষ্ঠিত হয় ৷ জোনাই জনস্বাস্থ্য কাৰিকৰী বিভাগ কাৰ্যালয়ৰ প্ৰাংগনত অনুষ্ঠিত হয় এই বিশেষ প্ৰশিক্ষণ শিবিৰ ৷ প্ৰশিক্ষণ শিবিৰত উপস্থিত থাকে জোনাই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰশিক্ষক নেহা শইকীয়া আৰু পৰীক্ষাগাৰৰ সহায়ক গৌতম কুলি ৷ 

ধেমাজি জিলাৰ লগতে সমগ্ৰ ৰাজ্যৰ গাঁৱে-ভূৱে বিশুদ্ধ খোৱা পানী সেৱন নকৰাৰ ফলত বিভিন্ন মহামাৰী মানুহৰ শৰীৰত দেখা দিয়া ৷ বিশেষকৈ বানপানীৰ সময়ত আৰু বানপানীৰ পাচত খোৱাপানীৰ পৰা হ’ব পৰা মহামাৰীৰ পৰা সকাহ পাবলৈ কি পদ্ধতিৰে পানী বিশুদ্ধিকৰণ কৰিব পৰি তাৰ সন্দৰ্ভত এই প্ৰশিক্ষণ দিয়া হয় ৷ এই প্ৰশিক্ষণ শিবিৰত উপস্থিত থাকে প্ৰায় শতাধিক মহিলা ৷

লগতে পঢ়ক:Jonai river island kabu chapori:জোনাইৰ নদীদ্বীপ কবু চাপৰিত পুনৰ প্ৰাণ পাই উঠিছে প্ৰকৃতিকূলে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.