জিলা গঠনৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে ডিব্ৰুগড় জিলাৰ তথ্য সম্বলিত ৱেবছাইট মুকলি - কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী

🎬 Watch Now: Feature Video

thumbnail

By

Published : Oct 2, 2022, 6:55 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

১৯৭১ চনৰ ২ অক্টোবৰত অবিভক্ত লখিমপুৰ জিলাৰ পৰা ফালৰি কাটি স্বতন্ত্ৰ জিলা হিচাপে আত্মপ্ৰকাশ কৰা ডিব্ৰুগড় জিলাই অতিক্ৰম কৰিলে ৫১ বৰ্ষ (Dibrugarh district celebrates 51 years) । এই উপলক্ষে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত ৩০ ছেপ্টেম্বৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হয় ডিব্ৰুগড় জিলা দিৱস । আজি প্ৰতিষ্ঠা দিৱসৰ অন্তিম দিনাৰ কাৰ্যসূচীৰ মুকলি সভাত সুমন দত্তৰ সম্পাদনাত প্ৰকাশিত স্মৃতিগ্ৰন্থ উন্মোচন কৰে বিশিষ্ট সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড৹ নগেন শইকীয়াই । আজিৰ অনুষ্ঠানত ডিব্ৰুগড় জিলাৰ তথ্য সম্বলিত এটি ৱেবছাইটো মুকলি কৰা হয় ৷ যাৰ জৰিয়তে জিলাখন সন্দৰ্ভত নজনা কথা জনাৰ সুবিধা লাভ কৰিব ইচ্ছুক ব্যক্তিয়ে ৷ দিৱসটোৰ সৈতে সংগতি ৰাখি জিলাখনলৈ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা বিশিষ্ট ব্যক্তি সাহিত্যিক, লেখক, সাংবাদিক, ক্ৰীড়াবিদ আৰু বিভিন্ন বিভাগৰ কৰ্মচাৰীক জিলা প্ৰশাসনৰ ফালৰ পৰা সম্বৰ্দ্ধনা জনোৱা হয় । কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী (Union minister Rameswar Teli), ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন আৰু বহু কেইগৰাকী গণ্য-মান্য ব্যক্তি উপস্থিতি থাকে এই কাৰ্যসূচীত ৷
Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.