Diamond Jubilee of AIMO: তিনিচুকীয়াত এপিচিৰ হীৰক জয়ন্তীত ৰাজ্যপাল - Diamond Jubilee of AIMO Assam State Board
🎬 Watch Now: Feature Video
তিনিচুকীয়া, ৪ফেব্ৰুৱাৰী: ৰাজ্যৰ দুটা আগশাৰীৰ ঔদ্যোগিক সংস্থা অসম উৎপাদনশীলতা পৰিষদ আৰু সৰ্বভাৰতীয় উৎপাদক সন্থাৰ (All India Manufacturers Organisation) অসম ৰাজ্যিক ব'ৰ্ডে ৭৫ বছৰ অতিক্ৰমা বাবে যৌথভাৱে শনিবাৰে হীৰক জয়ন্তী উদযাপন কৰে । এদিনীয়া কাৰ্যসূচীৰে এই হীৰক জয়ন্তী উদযাপন কৰা হয় (Diamond Jubilee of AIMO)। এই উপলক্ষে তিনিচুকীয়াত শনিবাৰে উপস্থিত হয় অসমৰ ৰাজ্যপাল অধ্য়াপক জগদীশ মুখী ।
তিনিচুকীয়াৰ মাকুম ৰোডত আয়োজন কৰা হয় এই হীৰক জয়ন্তী (Diamond Jubilee of AIMO Assam State Board)। এই উপলক্ষে আজি পুৱাৰে পৰাই বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয় । এই কাৰ্যসূচীত কেইবাগৰাকী বিশিষ্ট ব্য়ক্তিয়ে অংশগ্ৰহণ কৰে । তিনিচুকীয়াৰ হোটেল ডি মিৰানাত অনুষ্ঠিত সৰ্বভাৰতীয় নিৰ্মাতা সংগঠনৰ (অসম ৰাজ্যিক পৰিষদ) হীৰক জয়ন্তী উদযাপনত অংশগ্ৰহণ কৰে ৰাজ্যপালগৰাকীয়ে (Governor professor Jagdish Mukhi )। মুখ্য অতিথি হিচাপে অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে অংশগ্ৰহণ কৰি সংগঠনটোৱে বিভিন্ন বিভাগৰ ক্ষুদ্ৰ উদ্যোগীসকললৈ আগবঢ়োৱা বঁটাসমূহ প্ৰদান কৰে । উক্ত অনুষ্ঠানত ৰাজ্যপালগৰাকীৰ লগতে ৰাজ্যৰ প্ৰথম মহিলাসহ তিনিচুকীয়াৰ জিলা উপায়ুক্ত নৰসিং পাৱাৰ, তিনিচুকীয়া জিলা আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ , অসম উৎপাদনশীলতা পৰিষদ (Assam Productivity Council) আৰু সৰ্বভাৰতীয় উৎপাদক সন্থাৰ (AIMO)কেইবাগৰাকী বিষয়ববীয়াই অংশগ্ৰহণ কৰে ।
উল্লেখ্য় যে যি সময়ত চাহ আৰু ডিগবৈ তেল শোধনাগাৰৰ বাহিৰে অসমত কোনো উদ্যোগ নাছিল সেই সময়তেই এপিচি আৰু এআইএমঅ' নামৰ দুটা ঔদ্যোগিক সংগঠনে জন্মলাভ কৰিছিল । যি সময়ত সকলো ঔদ্যোগিক গোট কলকাতা আৰু ইংলেণ্ডৰ পৰা আমদানি কৰা হৈছিল তেতিয়াই এই দুটা ঔদ্যোগিক সংগঠন গঠন কৰা হৈছিল । প্লাইউড আৰু অন্যান্য ঔদ্যোগিক প্ৰচাৰৰ বাবে কিছুমান উদ্যোগী ব্যৱসায়ীৰ একান্ত প্ৰচেষ্টাত এপিচি আৰু এআইএমঅ' নামৰ দুটা ঔদ্যোগিক সংগঠন গঠন কৰা হৈছিল । এই সংগঠন দুটাৰ বাবেই অসমত উন্নয়নে অৱশেষত ৰাজ্য়খনক ভাৰতৰ ঔদ্যোগিক মানচিত্ৰত আনিবলৈ অৰ্জন কৰিছিল ।