Poor road condition: পথৰ মাজত গাঁত নে গাঁতৰ মাজত পথ; বিভ্ৰান্ত পথচাৰী

By ETV Bharat Assamese Team

Published : Oct 8, 2023, 3:35 PM IST

thumbnail

কলিয়াবৰ, ৮ অক্টোবৰ: কলিয়াবৰ সমষ্টিৰ বাট-পথ-যাতায়ত ব‍্যৱস্থাৰ যথেষ্ট উন্নতি হৈছে যদিও লোক নিৰ্মাণ বিভাগৰ অমনযোগিতাৰ বাবে দুই-এটা পথৰ দুৰৱস্থাই ৰাইজক জীয়াতু ভোগাইছে । কলিয়াবৰৰ নলতলি-শান্তিপুৰ গড়কাপ্তানী পথত ঠায়ে-ঠায়ে সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁত । যোৱা কেইদিনমান ধাৰাবাহিকভাৱে বৰষুণ দি থকাৰ ফলত বৰষুণৰ পানীৰে ভৰি পৰিছে এই পথছোৱাৰ গাঁতসমূহ । ফলত এই বাটেৰে আহ-যাহ কৰা পথাচাৰীৰ লগতে কেইবাখনো গাঁৱৰ ৰাইজ সমস‍্যাৰ সন্মুখীন হৈছে ।  

উল্লেখ্য় যে দুবছৰ পূৰ্বে এই পথটো নিৰ্মাণ কৰা হৈছিল যদিও পথছোৱা এতিয়া যাতায়তৰ বাবে সুবিধাজনক হৈ থকা নাই । এই পথছোৱাৰে সৰু-বৰ বাহনৰ লগতে বিদ‍্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে সঘনাই আহ-যাহ কৰে যদিও বিভাগে মেৰামতিৰ কোনো ব‍্যৱস্থা নোলোৱাত পথছোৱা বিধ্বস্ত হৈ পৰিছে ।

স্থানীয় ৰাইজে উত্থাপন কৰা অভিযোগ মতে,পথৰ গাঁতবোৰ শিল-মাটি-ইটাৰে মেৰামতি কৰিছিল যদিও কম দিনৰ ভিতৰতে পুনৰ আগৰ অৱস্থা হয়গৈ । এতিয়া বৰষুণৰ পানীৰে গাঁতবোৰ পৰিপূৰ্ণ হোৱাত পথছোৱা বিধ্বস্ত হৈছে । স্থানীয় ৰাইজে পথছোৱা শীঘ্ৰেই মেৰামতি কৰিবলৈ দাবী জনাইছে ।

লগতে পঢ়ক:Poor road construction : শিমলুগুৰিত গুৰুত্বপূৰ্ণ পথে জলা-কলা খুৱাইছে সৰ্বসাধাৰণক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.