Deathbody Recover : দিচাং নৈৰ পাৰত মৃতদেহ উদ্ধাৰ - Death body Recovered from river
🎬 Watch Now: Feature Video
নাহৰকটীয়া,16 জুন: নাহৰকটীয়াৰ চাচনীৰ হালোৱ গাঁৱত মৃতদেহ উদ্ধাৰ ৷ স্থানীয় ৰাইজৰ তৎপৰতাত আৰক্ষীয়ে দিচাং নৈৰ পাৰৰ পৰা উদ্ধাৰ কৰে মৃতদেহটো ৷ মৃতদেহটো দিগন্ত ধাদুমীয়া নামৰ এজন লোকৰ বুলি জানিব পৰা গৈছে ৷ জানিব পৰা মতে দিগন্ত ধাদুমীয়া নামৰ ব্যক্তিজন দুদিন ধৰি সন্ধানহীন হৈ আছিল । প্ৰথম অৱস্থাত স্থানীয় ৰাইজে মৃতদেহ দিচাং নৈৰ পাৰত প্ৰত্যক্ষ কৰে । এই কথা পৰিয়ালক অৱগত কৰাত নিৰুদ্দেশ হৈ থকা ব্যক্তিজনৰ পুত্ৰই ব্যক্তিজন দেউতাক দিগন্ত ধাদুমীয়া বুলি চিনাক্ত কৰে ৷ ইফালে মৃতদেহটো হাত ভৰি বন্ধা অৱস্থাত আছিল ৷ এয়া হত্যাকাণ্ড নে আত্মহত্যাৰ ঘটনা সেয়া আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব ৷
লগতে পঢ়ক:Flood threat: নীপকোৱে মোকোলালে ৰঙানদী প্ৰকল্পৰ পানী; লখিমপুৰত বাজিছে বিপদৰ ধ্বনি