Dead Body Rescued at Moran: মৰাণত উদ্ধাৰ বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ মৃতদেহ - Dibrugarh Crime
🎬 Watch Now: Feature Video
Published : Oct 4, 2023, 1:29 PM IST
ডিব্ৰুগড়, 4 অক্টোবৰ : মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত মৰাণৰ 2 নং সৰুপথাৰ গাঁৱৰ এটা পুখুৰীত উদ্ধাৰ পুৰুষৰ মৃতদেহ ৷ মৃতদেহটো মৰাণ বিদ্যুৎ উপ-সংমণ্ডলৰ কৰ্মচাৰী চাউজুদ্দিন আহমেদৰ বুলি জানিব পৰা গৈছে ৷ ঘটনা অনুসৰি মৰাণৰ 2 নং সৰুপথাৰ গাঁৱৰ নিবাসী চাউজুদ্দিন আহমেদে মঙলবাৰে দিনৰ ভাগত মাছ মাৰিবলৈ ওলাই গৈছিল ।
ইয়াৰ পিচৰে পৰা সন্ধানহীন হৈ আছিল আহমেদে ৷ আনহাতে স্থানীয় ৰাইজে নিশাৰ ভাগত পুখুৰী প্ৰত্যক্ষ কৰে মৃতদেহ ৷ তাৰ পাচত স্থানীয় লোকে উদ্ধাৰ কৰে মৃতদেহটো ৷ পৰিয়ালৰ লোকে ততাতৈয়াকৈ মৰাণৰ তিলৈ সামূহিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে । বিদ্যৎ বিভাগৰ কৰ্মচাৰীজন কেনেকৈ মৃত্যু হ’ল সেয়া এতিয়া সন্দেহৰ আৱৰ্তত ৷ এই ঘটনাক লৈ অঞ্চলটোত সৃষ্টি হয় চাঞ্চল্যৰ ৷
লগতে পঢ়ক :Protest at Maran College: প্ৰতিবাদত উত্তাল মৰাণ মহাবিদ্যালয়