ETV Bharat / health

২৪ ঘন্টীয়া ব্ৰত পালন কৰিছে নেকি ? ইয়াৰ ফলত শৰীৰত কেনে পৰিব পাৰে - MAHA SIVARATRI FASTING 2025

আজি মহাশিৱৰাত্ৰি সেয়ে আজি বহুতে উপবাস পালন কৰিছে ৷ কিন্তু আপুনি জানেনে গোটেই দিনটো উপবাসে থাকিলে শৰীৰত কেনে প্ৰভাৱ পৰিব পাৰে ৷

maha sivaratri special what happens when you fast for 24 hours in Assamese
২৪ ঘন্টীয়া ব্ৰত পালন কৰিছে নেকি ? ইয়াৰ ফলত শৰীৰত কেনে পৰিব পাৰে (ETV Bharat)
author img

By ETV Bharat Health Team

Published : Feb 26, 2025, 4:28 PM IST

যুগ যুগ ধৰি লঘোণে থকা বা উপবাসে থকাটো ভাৰতীয় সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ দিশ হৈ আহিছে ৷ হিন্দু ধৰ্মত নৱৰাত্ৰী, ছঠ পূজা, মহা শিৱৰাত্ৰীৰ দৰে দিনত বহুলোকে উপবাসে থাকে ৷ ঠিক তেনেদৰে ইছলাম ধৰ্মত ৰমজানত ৰোজা পালন কৰে ৷

কিন্তু আপুনি কেতিয়াবা ভাবিছেনে এনে ৰোজাৰ সময়ত তেওঁলোকৰ শৰীৰত কেনেধৰণৰ পৰিৱৰ্তন ঘটে ? যদিও উপবাসে শৰীৰে শক্তিৰ বাবে জমা হোৱা চৰ্বি ব্যৱহাৰ কৰাত সহায় কৰে, তথাপিও ইয়াৰ বহু ক্ষতিকাৰক দিশো আছে বুলি অধ্যয়নত সকীয়াই দিয়া হৈছে ৷

সেই অনুসৰি ব্ৰত আৰু ৰোজাৰ অভ্যাস কৰাসকলৰ শৰীৰত হোৱা পৰিৱর্তনবোৰ জানো আহক

প্ৰথম ৬ ঘণ্টাত...আপুনি উপবাস আৰম্ভ কৰাৰ পিছত প্ৰথম ৬ ঘণ্টাত আপোনাৰ শৰীৰে শেষবাৰৰ বাবে খোৱা খাদ্য হজম কৰিবলৈ আৰম্ভ কৰিব ৷ ইয়াত জমা হৈ থকা গ্লুক’জ শক্তি হিচাপে ব্যৱহাৰ কৰা হয় ৷ তাৰ পিছত বাকী উপবাসৰ সময়ছোৱাত আপোনাৰ শৰীৰে শক্তিৰ বাবে জমা হোৱা চৰ্বি ব্যৱহাৰ কৰে বুলি হাৰ্ভাৰ্ড হেল্থ পাব্লিছিঙে প্ৰকাশ কৰা এক অধ্যয়নত প্ৰকাশ পাইছে ৷ অৰ্থাৎ ২৪ ঘণ্টাৰো অধিক সময় উপবাসে থাকিলে শৰীৰে জমা হোৱা প্ৰ’টিনক শক্তিলৈ ৰূপান্তৰিত কৰিবলৈ আৰম্ভ কৰিব পাৰে ৷

উপবাসে থকাৰ ফলত হোৱা সমস্যা

মূৰৰ বিষৰ সমস্যা: খাদ্য নোখোৱাকৈ বহু সময় উপবাসে থাকিলে মূৰৰ বিষ হ’ব পাৰে ৷ উপবাসৰ দিনটোৰ শেষত মূৰ ঘূৰোৱা, বমি বা তীব্ৰ মূৰৰ বিষ হ’ব পাৰে ৷ শৰীৰত শক্তিৰ অভাৱ আৰু পুষ্টিকৰ উপাদানৰ অভাৱত এনে হয় ৷ আমি দৈনিক খোৱা খাদ্যবোৰ বেছিভাগেই কাৰ্বহাইড্ৰেটযুক্ত ৷ ইয়াৰ পৰা উৎপন্ন হোৱা শক্তিয়ে আমাক গোটেই দিনটো সুচাৰুৰূপে কাম কৰাত সহায় কৰে ৷ উপবাসৰ সময়ত কাৰ্বহাইড্ৰেটৰ অভাৱৰ বাবে মগজুত প্ৰয়োজনীয় পুষ্টিকৰ উপাদানৰ অভাৱ হয়, যাৰ ফলত মূৰৰ বিষ হয় ৷

ডিহাইড্ৰেচন: কিছুমান লোকে উপবাসৰ সময়ত পানীও নাখায় ৷ ইয়াৰ ফলত ডিহাইড্ৰেচনৰ সমস্যা হ’ব পাৰে আৰু বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ যেতিয়া আপুনি পানী থকা খাদ্য গ্ৰহণ নকৰে তেতিয়া যকৃতে অতিৰিক্ত গ্লুক’জ বা গ্লাইক’জেন ব্যৱহাৰ কৰি পেলায় ৷ ইয়াৰ ফলত শৰীৰৰ স্বাভাৱিক কাম-কাজত প্ৰভাৱ পৰিব পাৰে ৷

ছডিয়ামৰ অভাৱ: উপবাসে যদিও শৰীৰক বহু লাভ প্ৰদান কৰে তথাপিও ই শৰীৰক প্ৰয়োজনীয় পুষ্টিকৰ উপাদানৰ পৰা বঞ্চিত কৰে ৷ বিশেষকৈ ইয়াৰ ফলত শৰীৰত ইলেক্ট্ৰ’লাইটৰ ভাৰসাম্যহীনতা হ’ব পাৰে, যাৰ ফলত খনিজ পদাৰ্থ, তৰল পদাৰ্থ, ছডিয়ামৰ অভাৱ হ’ব পাৰে ৷ শৰীৰত থকা ছডিয়ামে কোষৰ ভিতৰত আৰু আশে-পাশে থকা তৰল পদাৰ্থৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে ৷

ইয়াৰ উপকাৰিতাও জানি লওক..

ওজন হ্ৰাস: সপ্তাহত ১ বা ২ দিন উপবাসে ৰখাৰ অৰ্থ হ’ল কম কেলৰি খোৱা ৷ তদুপৰি এটা আন্তঃৰাষ্ট্ৰীয় সংস্থাই কৰা এক অধ্যয়নত দেখা গৈছে যে ২৪ ঘণ্টীয়া উপবাসৰ লগত অহা শক্তিৰ নিষেধাজ্ঞাই আপোনাৰ বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰিব পাৰে আৰু ওজন কমোৱাত সহায় কৰিব পাৰে ৷

কলেষ্টেৰল আৰু চেনিৰ মাত্ৰা পৰিচালনা কৰে: উপবাসে আপোনাৰ শৰীৰে চৰ্বি আৰু শৰ্কৰা কম কৰাত সহায় কৰিব পাৰে ৷ আপোনাৰ বিপাকীয় ক্ৰিয়াৰ এই পৰিৱৰ্তনে আপোনাৰ ডায়েবেটিছ আৰু হৃদৰোগৰ দৰে অৱস্থাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰিব পাৰে ৷ ইয়াৰ ফলত হৃদযন্ত্ৰৰ লগত জড়িত সমস্যা ৰোধ হ’ব ৷

(সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য তথা জীৱনশৈলী সম্পৰ্কীয় যিকোনো তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে আগবঢ়োৱা হৈছে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।)

লগতে পঢ়ক

  1. মহাশিৱৰাত্ৰিৰ সৈতে ঐতিহাসিক মহাভৈৰৱ মন্দিৰৰ সম্পৰ্ক কি ? জানক ইয়াৰ ইতিহাসৰ বিষয়ে
  2. প্ৰেমৰ সম্পর্কত কিবা সমস্যা হৈ আছে নেকি তেন্তে শিৱ পূজাৰ দিনা কৰক এই কাম
  3. মহাশিৱৰাত্ৰিত এই কাম কৰিলে সন্তুষ্ট হ’ব মহাদেৱ, পূৰণ হ’ব সকলো মনোবাঞ্ছা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.