হায়দৰাবাদ : মহাশিৱৰাত্ৰি উৎসৱ সকলো শিৱভক্তৰ বাবে বিশেষ ৷ যদিও প্ৰতিদিনে ভক্তিৰে শিৱ পূজা কৰা হয়, মহাশিৱৰাত্ৰিৰ এই বিশেষ দিনটোত মানুহে উপবাস পালন কৰে, মন্দিৰ দৰ্শন কৰে আৰু ভগৱান ভোলানাথৰ উপাসনা কৰে । চিনেমা হৈছে এখন সমাজৰ বাৰ্তাবাহক ৷ এখন চিনেমাই সমাজৰ প্ৰতিটো দিশ স্পৰ্শ কৰে আৰু যেতিয়াই ঈশ্বৰৰ কথা আহে ভাৰতীয় চলচ্চিত্ৰত ঈশ্বৰৰ উল্লেখৰ কথা আমি স্বীকাৰ কৰিবই লাগিব ৷
বলীউডে বহুতো চলচ্চিত্ৰ নিৰ্মাণ কৰিছে যিয়ে ভগৱান শিৱৰ মহিমা আৰু তেওঁৰ ওপৰত মানুহৰ গৌৰৱ আৰু বিশ্বাস প্ৰদৰ্শন কৰে । এই প্ৰতিবেদনত 5 খন চলচ্চিত্ৰৰ বিষয়ে উল্লেখ কৰা হৈছে, যি কেইখন এজন প্ৰকৃত শিৱভক্ত হিচাপে আপুনি চোৱা উচিত ৷
ও এম জি 2
বলীউডৰ ছুপাৰষ্টাৰ অক্ষয় কুমাৰে 'ও এম জি 2' (2023)ত ভগৱান শিৱৰ বাৰ্তাবাহকৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকক মুগ্ধ কৰিছিল । এই চলচ্চিত্ৰখন ও এম জি - ওহ মাই গডৰ ছিকুৱেল, যি ভগৱান শিৱৰ প্ৰতি থকা ভক্তিক আধাৰ হিচাপে লৈ এক শক্তিশালী সামাজিক বাৰ্তা প্ৰদান কৰে । শিৱৰ শান্ত আৰু ঐশ্বৰিক ৰূপ প্ৰদৰ্শন কৰাৰ বাবে চলচ্চিত্ৰখন প্ৰশংসিত হৈছিল । ইয়াৰ উপৰিও, 'হৰ হৰ মহাদেৱ' আৰু 'ওঞ্চি ওঞ্চি ৱাদি' গান দুটাই এক অনন্য মাত্ৰা যোগ দিছিল ছবিখনত ৷
বাহুবলী : দ্য বিগিনিং
আমি যেতিয়া ভগৱান শিৱৰ প্ৰতি থকা ভক্তিৰ কথা উল্লেখ কৰো তেতিয়া ‘বাহুবলী’ নামটো নোলোৱাকৈ থাকিব নোৱাৰি ৷ ৰাজামৌলীৰ দ্বাৰা পৰিচালিত আৰু প্ৰভাস অভিনীত ‘বাহুবলী’ ছবিখনত শিৱৰ মহিমা প্ৰদৰ্শন কৰা হৈছে । চিনেমাখনত প্ৰভাসে শিৱলিংগক তুলি জলপ্ৰপাতলৈ লৈ যোৱাৰ দৃশ্যটো চিৰসেউজ হৈ থাকিব । প্ৰভাসৰ ৰিল লাইফৰ মাতৃয়ে যেতিয়া ভগৱান শিৱক পানী আগবঢ়াবলৈ অসুবিধাৰ সন্মুখীন হৈছিল, তেতিয়া প্ৰভাসে জলপ্ৰপাতটোৰ তলত সমগ্ৰ শিৱলিংগটো স্থাপন কৰিছিল যাতে সদায় শিৱলিংগৰ ওপৰেদি পানী বৈ থাকে । ছবিখনত কৈলাশ খেৰৰ ‘কৌন হে ৱো’ গীতটোৱে শিৱৰ প্ৰতি থকা ভক্তিৰ ওপৰত বিশ্বাস অধিক গাঢ় কৰি তুলিছে ।
ব্ৰহ্মাস্ত্ৰ
ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট অভিনীত 'ব্ৰহ্মাস্ত্ৰ' চলচ্চিত্ৰখনত ৰণবীৰ কাপুৰৰ চৰিত্ৰটোৰ নাম শিৱ । এই চলচ্চিত্ৰখন হিন্দু পৌৰাণিক কাহিনীৰ দ্বাৰা অনুপ্ৰাণিত । শিৱ এজন অনাথ ল’ৰা যিয়ে আৱিষ্কাৰ কৰে যে তেওঁ এজন সাধাৰণ মানুহ নহয়, বৰঞ্চ তেওঁৰ হাতত বিশেষ ভক্তিমূলক শক্তিৰে পৰিপূৰ্ণ অস্ত্ৰ আছে । চলচ্চিত্ৰখনৰ সংগীত ভগৱান শিৱক উৎসৰ্গিত কৰা হৈছে । ইয়াৰ এটা গান, 'ওম দেৱা দেৱা'ই দৰ্শকৰ পৰা যথেষ্ট প্ৰশংসা লাভ কৰিছিল ।
কেদাৰনাথ
সুশান্ত সিং ৰাজপুত আৰু ছাৰা আলী খান অভিনীত কেদাৰনাথ এখন চাবলগীয়া ছবি । এই ছবিখনত ‘কেদাৰনাথ’ত প্ৰাকৃতিক দুৰ্যোগৰ মাজতে সৃষ্টি হোৱা এটা প্ৰেম কাহিনী দেখুওৱা হৈছে, যিটো অতি সুন্দৰ । এক বানত সকলো ধ্বংস হয় কিন্তু কেদাৰনাথ মন্দিৰৰ একো ক্ষতি নহয় । এই দুৰ্যোগৰ মাজতে কেনেকৈ এটা প্ৰেম কাহিনীয়ে জন্ম লয় আৰু সমাজে কেনেকৈ মানি নলয়, তাকে উপস্থাপন কৰা হৈছে । ইয়াৰ সমাপ্তিয়ে দৰ্শকক আৱেগিক কৰি তোলে । ছবিখনৰ ‘নমো নমো শংকৰা’ শীৰ্ষক গীতটো আজিও প্ৰতিজন শিৱভক্তৰ মুখত শুনিবলৈ পোৱা যায় ৷
শিৱায়
বলীউড অভিনেতা অজয় দেৱগণৰ ভোলানাথৰ প্ৰতি এক বিশেষ আসক্তি আছে আৰু তেওঁ ভগৱান শিৱৰ প্ৰতি ভক্তি প্ৰদৰ্শন কৰি কেইবাখনো চলচ্চিত্ৰ নিৰ্মাণ কৰিছে, যাৰ ভিতৰত আছে 'ওমকাৰা' আৰু 'ভোলা'। 'শিৱায়' হৈছে এনে এখন চলচ্চিত্ৰ যিয়ে দৰ্শকৰ পৰা যথেষ্ট মৰম লাভ কৰিছিল আৰু ইয়াৰ সংগীতো শ্ৰোতা-দৰ্শকে খুব পচন্দ কৰিছিল । ছবিখনৰ 'বোলো হৰ হৰ হৰ' গানটো প্ৰতিজন শিৱভক্তৰ প্লেলিষ্টৰ অংশ হৈ আছে ।
লগতে পঢ়ক : সেইসমূহ ছবি যিয়ে কৈ যায় মাৰাঠা সাম্ৰাজ্যৰ বীৰত্ব-সাহস-ত্যাগৰ গাথা