গুৱাহাটী: উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজে অতি সোনকালে লাভ কৰিব জি পে', ফোন পে'ৰ দৰে এটা নতুন পেমেণ্ট গেটৱে ৷ যিয়ে পেমেণ্ট গেটৱেৰ সৈতে বৰ্তমানৰ ভাষাৰ প্ৰতিবন্ধকতা ভংগ কৰাই নহয়, ইয়াত অফলাইন পেমেণ্ট কৰাৰ বিকল্পও থাকিব পাৰে ৷ কিয়নো অঞ্চলটোত এতিয়াও ভাল ডাটা কানেক্টিভিটিৰ অভাৱ ।
আন্তঃৰাষ্ট্ৰীয় পেমেণ্ট গেটৱে সেৱা হুকোলু পে' চলিত বৰ্ষৰ মে’ বা জুন মাহৰ ভিতৰত আৰম্ভ হোৱাৰ সম্ভাৱনা আছে । অসমৰ উদ্যোগী আজিজ আলীৰ ষ্টাৰ্টআপ পদক্ষেপৰ অংশ হিচাপে বিকশিত কৰা হুকোলু পে'ই অঞ্চলটোত উপলব্ধ স্থানীয় উপ-ভাষাৰে ব্যৱহাৰকাৰীসকলক সহায় কৰাৰ সম্ভাৱনা আছে ৷ উত্তৰ-পূবৰ কিছুমান ঠাইত এতিয়াও হাইস্পীড ডাটাৰ অভাৱ হোৱা কথাটো বিবেচনা কৰি ডেভেলপাৰসকলে অফলাইন পেমেণ্টৰ বিকল্পও ৰাখিছে ।

"যেতিয়া আমি ডিজিটেল পেমেণ্টৰ কথা কওঁ, তেতিয়া আমি মনত ৰাখিব লাগিব যে ৬০ শতাংশ লোক এতিয়াও বিত্তীয় সেৱাত অন্তৰ্ভুক্ত হোৱা নাই । বহু ঠাইত বিশেষকৈ উত্তৰ-পূবৰ পাহাৰীয়া অঞ্চলত মানুহে এতিয়াও পেমেণ্টৰ বাবে নগদ ধন কঢ়িয়াই লৈ ফুৰে । যদিও বিভিন্ন ধৰণৰ পেমেণ্ট গেটৱে আছে, তথাপিও তাত ভাষাৰ বাধা আছে ৷ যেনে- বৰ্তমানৰ বেছিভাগ পেমেণ্ট গেটৱেত হিন্দী বা ইংৰাজী ভাষাত সেৱা আগবঢ়োৱা হয় । হুকোলু পে'ৰ বেছিভাগতে অঞ্চলটোত উপলব্ধ উপ-ভাষাসমূহত সেৱা থাকিব" । বুধবাৰে এডভাণ্টেজ আছাম ২.০ সন্মিলনত সংবাদদাতাৰ সৈতে কথা পাতি আলীয়ে এইদৰে কয় ।
হুকোলু পে'ৰ সহ-প্ৰতিষ্ঠাপক আনন্দ কান্নানে কয়, "এই নতুন পেমেণ্ট গেটৱে গঢ়ি তোলাৰ আঁৰৰ আমাৰ মূল লক্ষ্য হৈছে গ্ৰামাঞ্চলত অধিক বিত্তীয় অন্তৰ্ভুক্তি অনা ।" উল্লেখ্য যে আলী ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ সমীপৰ জেইপুৰৰ বাসিন্দা হোৱাৰ বিপৰীতে কান্নান চেন্নাইৰ বাসিন্দা ৷

হুকোলু পে' হৈছে অসমত ভিত্তি কৰি স্থানীয়ভাৱে বিকশিত ফিনটেক ষ্টাৰ্টআপ । ২০২৪ চনৰ নৱেম্বৰ মাহত ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু ভাৰতীয় নেশ্যনেল পেমেণ্টছ কৰ্প’ৰেশ্যনৰ পৰা অনুজ্ঞাপত্ৰ লাভ কৰিছে হুকোলু পে'ই ৷
কান্নানে কয় যে, হুকোলু পে' প্ৰতিষ্ঠানৰ বাবে, ক্ষুদ্ৰ উদ্যোগৰ বাবে, চৰকাৰৰ বাবে, ব্যৱসায়ৰ বাবে, ভ্ৰমণৰ বাবে আৰু আন সকলো উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰিব পাৰি ।
"অন্য যিকোনো পেমেণ্ট গেটৱে যেনে- gpay, phonepe বা paytm ৰ দৰে ইয়াক যিকোনো ঠাইতে ব্যৱহাৰ কৰিব পাৰিব । আমি ইয়াক প্যান ইণ্ডিয়াত লঞ্চ কৰিবলৈ ওলাইছো ৷ কিন্তু আমাৰ ফ’কাচ এৰিয়া হ'ব অসম আৰু উত্তৰ-পূবৰ ৰাজ্য, যিহেতু আমি এই অঞ্চলৰ ষ্টাৰ্টআপ ৷" আলীয়ে কয় ৷
আলীয়ে আৰু কয় , "বৰ্তমান আমাৰ হাতত হিন্দী, ইংৰাজী, অসমীয়া, মিজো আৰু কিছুমান ভাষাৰ বিকল্প আছে যদিও অধিক ভাষা সংযোজন কৰা হৈছে যাতে ই ৰাইজৰ বাবে ব্যৱহাৰ অনুকূল হৈ পৰে ।"
ইয়াৰ দ্বাৰা ভাৰতৰ উত্তৰ-পূবত ডিজিটেল পেমেণ্টত নিশ্চিতভাৱে সহায়ক হ’ব বুলি আলীয়ে কয় ৷ উল্লেখ কৰিব পাৰি যে ২৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এডভাণ্টেজ আছাম ২.০ ভ্ৰমণৰ সময়ত আলী আৰু কান্নানে স্থাপন কৰা ষ্টলটো পৰিদৰ্শন কৰি দুয়োজন উদ্যোগীকে নতুন পেমেণ্ট গেটৱে দেশৰ সকলো কোণলৈ লৈ যাবলৈ উৎসাহিত কৰে ।
"মাননীয় প্ৰধানমন্ত্ৰীয়ে ২৪ ফেব্ৰুৱাৰীৰ সন্ধিয়া আমাৰ ষ্টল পৰিদৰ্শন কৰি আমাৰ নতুনকৈ মুকলি হ'বলগীয়া পেমেণ্ট গেটৱেৰ জৰিয়তে বিকশিত ভাৰতৰ শ্লোগান প্ৰচাৰ কৰিবলৈ কৈছে । তেওঁৰ কথা আমাৰ বাবে বিপুল উৎসাহজনক" বুলিও আলীয়ে কয় ৷ ভাৰতৰ বাহিৰেও তেওঁলোকে এই নতুন পেমেণ্ট গেটৱে ছিংগাপুৰ, সংযুক্ত আৰৱ আমিৰশ্বাহী, ভূটানৰ দৰে আন সাতখন দেশলৈও লৈ গৈছে ৷
লগতে পঢ়ক: এডভাণ্টেজ আছাম ২.০: জিলাই জিলাই বিনিয়োগকাৰীৰ বিনিয়োগৰ ঢৌ