মহাকুম্ভ মেলাত দীপশিখাৰ সত্ৰীয়া নৃত্য প্ৰদৰ্শন - MAHA KUMBH MELA 2025
🎬 Watch Now: Feature Video


Published : Feb 26, 2025, 1:57 PM IST
কলিয়াবৰ: কলিয়াবৰৰ সত্ৰীয়া নৃত্যাংগনা দীপশিখা ভূঞাই প্ৰয়াগৰাজৰ কলাগ্ৰামত প্ৰদৰ্শন কৰিলে একক সত্ৰীয়া নৃত্য । সত্ৰীয়া নৃত্যত অসমৰ মহিলাৰ অৱদান বিষয়ক গৱেষণাৰ বাবে চি চি আৰ টিৰ জুনিয়ৰ ফেল'শ্বিপ লাভ কৰা দীপশিখা ভূঞাই প্ৰয়াগৰাজত সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰি ভক্তপ্ৰাণ ৰাইজক আকৃষ্ট কৰিবলৈ সক্ষম হয় । তদুপৰি প্ৰয়াগৰাজত মাজুলীৰ শিল্পীৰ দ্বাৰা অভিনীত মুখা ভাওনাতো অংশগ্ৰহণ কৰে দীপশিখাই ।
প্ৰয়াগৰাজৰ মহাকুম্ভ কলাগ্ৰাম নামৰ এক আকৰ্ষণীয় মঞ্চত ভাৰতৰ ভিন্ন স্থানৰ পৰা অহা শিল্পীসকলে তেওঁলোকৰ অনুষ্ঠান পৰিৱেশন কৰে । অসমৰ পৰা যোৱা এটি সাংস্কৃতিক দলে গায়ন-বায়ন, মুখাভাওনা আৰু সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰিছে । এই কাৰ্যসূচীৰ জৰিয়তে দেশত সাংস্কৃতিক আদান-প্ৰদানৰ এক পৰিৱেশ সৃষ্টি হৈছে ।