ETV Bharat / international

এক দশকত প্ৰথমবাৰৰ বাবে বৃদ্ধি দক্ষিণ কোৰিয়াৰ জন্মহাৰ - SOUTH KOREAS BIRTH RATE

দেশখনৰ প্ৰজনন হাৰ যোৱা বছৰ 0.75 আছিল । এইটো হৈছে পূৰ্বৰ বছৰৰ তুলনাত সামান্য পৰিমাণৰ বৃদ্ধি ।

South Koreas Birth Rate
প্ৰতিনিধিত্বমূলক ছবি (AFP)
author img

By ETV Bharat Assamese Team

Published : Feb 26, 2025, 5:34 PM IST

ছিউল : প্ৰায় এটা দশকৰ ভিতৰত প্ৰথমবাৰৰ বাবে জন্মৰ সংখ্যা বৃদ্ধি দক্ষিণ কোৰিয়াত । জনসংখ্যা হ্ৰাসৰ এক গভীৰ সংকটৰ সন্মুখীন হোৱা এখন দেশৰ বাবে ই এক উল্লেখনীয় ঘটনা হিচাপে পৰিলক্ষিত হৈছে । যাৰ বাবে বুধবাৰে প্ৰকাশিত এই বাতৰিত দেশখনৰ জনসাধাৰণ আনন্দিত হৈছে ।

বুধবাৰে পুৱা দক্ষিণ কোৰিয়াৰ পৰিসংখ্যা কাৰ্যালয়ে ঘোষণা কৰে যে দেশখনৰ প্ৰজনন হাৰ অৰ্থাৎ এগৰাকী মহিলাই তেওঁৰ জীৱনকালত গড় শিশু জন্ম দিয়াৰ সম্ভাৱনা যোৱা বছৰ 0.75 আছিল । এইটো হৈছে পূৰ্বৰ বছৰৰ তুলনাত অতি সামান্য পৰিমাণৰ বৃদ্ধি । আনহাতে, দক্ষিণ কোৰিয়াৰ জনসংখ্যা 51 নিযুতত ৰাখিবৰ বাবে প্ৰয়োজনীয় 2.1 সংখ্যাতকৈ এতিয়াও বহু কম ।

কিন্তু ছিউলৰ ব্যস্ত ৰাজপথত যেতিয়া এ এফ পিয়ে জনসাধাৰণৰ সৈতে যোগাযোগ কৰিছিল তেতিয়া বহুতে 2015 চনৰ পিছত প্ৰথমবাৰৰ বাবে এই বৰ্ধিত প্ৰজনন হাৰক সঠিক দিশত এক ইতিবাচক পদক্ষেপ হিচাপে উল্লেখ কৰে । ৩৪ বছৰীয়া এগৰাকী কৰ্মচাৰী জুন চাং-পিলে কয়, "ন বছৰৰ পিছত জন্মৰ হাৰ বৃদ্ধিৰ বাতৰিটো মোৰ বাবে অবিশ্বাস্যভাৱে আনন্দদায়ক ।"

আনহাতে, 41 বছৰীয়া গৃহিণী পাৰ্ক য়ে-জিনে কয় যে তেওঁৰ সন্তানে অলপতে আন মাত্ৰ 99 জন শিক্ষাৰ্থীৰ সৈতে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা সমাপ্ত কৰিছে । তেওঁ কয় যে তেওঁৰ বয়সত স্নাতক শ্ৰেণীত মাত্ৰ পাঁচজন শিক্ষাৰ্থী আছিল । তেওঁ এ এফ পিক কয়, "স্নাতক সমাৰোহটো যথেষ্ট উকা উকা অনুভৱ হৈছিল আৰু মই দুখ অনুভৱ কৰিছিলোঁ ।"

ওচৰতে, হ্ৰাস হোৱা জন্মহাৰ পুনৰ বৃদ্ধিৰ উপায় বিচাৰি 2023 চনত স্থাপন কৰা এটা চৰকাৰী সংস্থা ছিউলৰ নেচনেল মিউজিয়াম অব কোৰিয়ান কনটেম্পেৰাৰী হিষ্ট্ৰীয়ে ইয়াৰ বিশাল ইলেক্ট্ৰ'নিক পৰ্দাত জনসংখ্যা নীতিৰ ওপৰত দেশৰ ৰাষ্ট্ৰপতি সমিতিৰ বিজ্ঞাপন প্ৰদৰ্শন কৰে ।

উল্লেখ্য যে ছিউলে দেশখনৰ মহিলাসকলক অধিক সন্তান জন্ম দিবলৈ আৰু জনসংখ্যাৰ স্থিৰতা বজাই ৰাখিবলৈ উৎসাহিত কৰিবলৈ বিলিয়ন ডলাৰ খৰচ কৰিছে । বিশেষজ্ঞসকলে কয় যে নিম্ন জন্মহাৰৰ একাধিক কাৰণ আছে । ইয়াৰ ভিতৰত অন্যতম হৈছে শিশু ভৰণ-পোষণত অত্যধিক ব্যয় আৰু সম্পত্তিৰ মূল্যৰ পৰা আৰম্ভ কৰি এক কুখ্যাত প্ৰতিযোগিতামূলক সমাজলৈকে আছে, য'ত এক ভাল বেতনৰ চাকৰি পোৱাটো কঠিন হৈ পৰে ।

'নাইকিয়া' হ'বলৈ ধৰা দেশ

আনহাতে, ৰাষ্ট্ৰীয় প্ৰচেষ্টাই এতিয়ালৈকে জন্মৰ হাৰ বৃদ্ধি কৰাত ব্যৰ্থ হৈছে । যাৰ বাবে দেশখনৰ ভৱিষ্যৎ সন্দৰ্ভত ক্ৰমান্বয়ে এক ভয়ংকৰ ভৱিষ্যদ্বাণী সৃষ্টি কৰিছিল । গৃহিণী পাৰ্কে কয়, "জন্মৰ হাৰ এনেদৰে হ্ৰাস হোৱাৰ লগে লগে দক্ষিণ কোৰিয়া নাইকিয়া হৈ যোৱাৰ সম্ভাৱনাৰ বিষয়েও আলোচনা হৈছিল ।" দক্ষিণ কোৰিয়াৰ এগৰাকী বিষয়াই বুধবাৰে জন্মহাৰ বৃদ্ধিৰ বাবে যোৱা বছৰ বিবাহৰ সংখ্যা বৃদ্ধি হোৱাৰ কথা উল্লেখ কৰে আৰু আশা প্ৰকাশ কৰে যে চৰকাৰী নীতিয়ে প্ৰজনন ক্ষমতা বৃদ্ধিত সহায় কৰিছে ।

অৱশ্যে এই বাতৰিটোৰ ক্ষেত্ৰত কিছুমান অনলাইন মন্তব্য সিমান ইতিবাচক নহয় । "দক্ষিণ কোৰিয়াৰ জন্মৰ হাৰ কেৱল অ' ই চি ডি দেশসমূহৰ ভিতৰতে সৰ্বনিম্ন নহয়, কিন্তু ই এতিয়াও সৰ্বনিম্ন পৰ্যায়ত । অনুগ্ৰহ কৰি তথ্যবোৰ বিকৃত নকৰিব ।" দেশৰ সৰ্ববৃহৎ ইণ্টাৰনেট পৰ্টেলে এই মন্তব্যটো কৰে ।

"ন বছৰত প্ৰথম বৃদ্ধি !" আন এজনে থ্ৰেডছত লিখিছে । "দক্ষিণ কোৰিয়াৰ জন্মহাৰৰ গ্ৰাফ এতিয়া বিটকইন চাৰ্টৰ দৰে দেখা গৈছে ।" জুন নামৰ এগৰাকী কৰ্মচাৰীয়ে নিজৰ আশা ব্যক্ত কৰি কয় । তেওঁ কয়, "মই আশাকৰোঁ যে ভৱিষ্যতে দক্ষিণ কোৰিয়াৰ জন্মহাৰ নিৰন্তৰ বৃদ্ধিৰ ক্ষেত্ৰত এই প্ৰত্যাৱৰ্তন এক মাইলৰ খুঁটি হ'ব ।" লগতে পাৰ্কে আশা প্ৰকাশ কৰে যে ভৱিষ্যতে "স্নাতক সমাৰোহবোৰ পৰিপূৰ্ণ অনুভৱ কৰিব" ।

"মই বিশ্বাস কৰোঁ যে সেই খালী স্কুল চৌহদ আৰু শ্ৰেণীকোঠাবোৰ শিশুৰ হাঁহিৰ শব্দৰে মুখৰিত হৈ থাকিব ।" তেওঁ কয় । লগতে কয়, "ই মোক সঁচাকৈয়ে সুখী কৰিছে ।"

লগতে পঢ়ক :ট্ৰাম্প-পুটিনে নিশ্চিত কৰিছে যে আমেৰিকাই নাটোৰ পৰা পৃথক হওক - US BREAKS RANKS WITH NATO
লগতে পঢ়ক :FBI ৰ সঞ্চালক হিচাপে শপত গ্ৰহণ ভাৰতীয় মূলৰ কাশ পেটেলৰ - FBI DIRECTOR KASH PATEL

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.