নতুন দিল্লী: ভাৰতৰ প্ৰাক্তন স্পিনাৰ হৰভজন সিঙে মঙলবাৰৰ পৰা ছ’চিয়েল মিডিয়া প্লেটফৰ্ম X (পূৰ্বতে টুইটাৰ নামেৰে পৰিচিত) ত এজন ব্যৱহাৰকাৰীৰ সৈতে অনলাইন যুঁজত লিপ্ত হোৱা পৰিলক্ষিত হৈছে ।
হিন্দু ধৰ্মবিৰোধী পাঠ শিকোৱা বুলি অভিযোগ উত্থাপন কৰা এই ব্যৱহাৰকাৰীজন মানসিকভাৱে সুস্থ নহয় বুলিও হৰভজনে দাবী কৰিছে ।
100 बात की 1 बात, अगर हरभजन सिंह सच्चा देशभक्त है तो वो एक बार खालिस्तान मुर्दाबाद ट्वीट कर दे, मैं उससे माफ़ी मांग लूंगा।
— Randomsena (@randomsena) February 25, 2025
लेकिन वो बात को घुमायेगा लेकिन खालिस्तान मुर्दाबाद नहीं बोलेगा।
जब तक ये ट्वीट @harbhajan_singh ना पढ ले तब तक रीट्वीट करते रहो pic.twitter.com/FpaQ8C7mvC
এবাৰ খালিস্তান মুৰ্দাবাদ ধ্বনি দে
লোকজনে ৪৪ বছৰীয়া হৰভজনক ‘Down with Khalistan’ বুলি ক’বলৈ নিৰ্দেশ দিছে । ব্যৱহাৰকাৰীজনে এই সন্দৰ্ভত এনেদৰে উল্লেখ কৰে, ‘‘হৰভজন সিং যদি প্ৰকৃত দেশপ্ৰেমিক, তেন্তে তেওঁ খালিস্তান মুৰ্দাবাদ লিখি এবাৰ টুইট কৰক ৷ মই তেওঁৰ ওচৰত ক্ষমা খুজিম । কিন্তু তেওঁ বিষয়টো টুইট কৰিলেও ‘‘ডাউন উইথ খালিস্তান’’ বুলি কেতিয়াও নকয় ।
হৰভজন সিঙৰ এজাহাৰ দাখিল
ইয়াৰ প্ৰত্যুত্তৰ হিচাপে হৰভজনে ইতিমধ্যে ব্যৱহাৰকাৰীগৰাকীৰ একাউণ্টৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ ৷ হৰভজনে নিজৰ পোষ্টত এনেদৰে লিখিছে, ‘‘আপুনি যে অনুপ্ৰৱেশকাৰী সেই কথা আপোনাৰ লেতেৰা ভাষাই নিশ্চিত কৰিছে । কাৰণ আমি ইয়াত এনেকৈ কথা নকওঁ । কিন্তু নিজকে কুল দেখুৱাবলৈ গৈ মোক যি লেতেৰা ভাষাৰে গালি পাৰিলে, সেইবোৰ ইতিমধ্যে ৰেকৰ্ড কৰা হৈছে ৷ অকল এয়াই নহয় এজাহাৰো দাখিল কৰা হৈছে’’ ৷
অৱশ্যে কোনখন থানাত হৰভজন সিঙে এই ব্যৱহাৰকাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে, সেই সন্দৰ্ভত এতিয়ালৈকে কোনো তথ্য পোৱা নাই ।

উল্লেখ্য যে এই প্ৰাক্তন ব্যৱহাৰকাৰীজনে হৰভজনৰ এটা ইনষ্টাগ্ৰাম কাহিনী শ্বেয়াৰ কৰাৰ পৰা এই সকলোবোৰ আৰম্ভ হৈছিল ৷ য’ত তেওঁক ‘‘ডাউন উইথ খালিস্তান’’ বুলি ক’বলৈ কোৱা হৈছিল আৰু প্লেটফৰ্মত থকা আনসকলক প্ৰাক্তন ক্ৰিকেটাৰজনে পঢ়ালৈকে ৰিটুইট কৰি থাকিবলৈ কোৱা হৈছিল ৷
ইনজামাম-উল-হকৰ ভিডিঅ' পোষ্ট
ইয়াৰ পূৰ্বে একে একাউণ্টৰ পৰাই পাকিস্তানৰ প্ৰাক্তন অধিনায়ক ইনজামাম-উল হকৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰা হৈছিল । য’ত ইনজামামে কৈছে- "আমি যেতিয়া নামাজ পঢ়িছিলো, তেতিয়া হৰভজনো আহি আমাৰ ওচৰতে বহিছিল । এবাৰ হৰভজনে কৈছিল যে মৌলানাৰ কথাবোৰ মোৰ বৰ ভাল লাগে ৷"
अरे इसको भी ले जाना अपने साथ अस्पताल दिमाग़ी ईलाज करवाने । इस को भी तुम्हारी तरह सख़्त ईलाज की ज़रूरत है https://t.co/e00GiPSyGg
— Harbhajan Turbanator (@harbhajan_singh) February 25, 2025
এই ভিডিঅ’টো ৰিটুইট কৰি হৰভজন সিঙে লিখিছিল, "তেওঁক মানসিক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যাওক । আপোনাৰ দৰে এইটোকো উচিত চিকিৎসাৰ প্ৰয়োজন ।"
লগতে পঢ়ক: চেম্পিয়নছ ট্ৰফী ২০২৫ ; নিউজিলেণ্ডৰ বিৰুদ্ধে বাদ পৰিব পাৰে মহম্মদ ছামী