গুৱাহাটী: আজি মহা শিৱৰাত্ৰি । দেৱাদিদেৱ মহাদেৱৰ আৰাধনাৰে মুখৰিত হৈ পৰে সমগ্র ৰাজ্য । পুৱাৰ ভাগৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীৰ শিৱ মন্দিৰ তথা থানসমূহতো দেখিবলৈ পোৱা যায় ভক্তৰ ভিৰ ।
গুৱাহাটী মহানগৰীৰ বশিষ্ঠ দেৱালয়, শুক্ৰেশ্বৰ মন্দিৰ, ভীমা শংকৰ, লংকেশ্বৰ, উমানন্দ মন্দিৰকে আৰম্ভ কৰি প্ৰতিটো শিৱ মন্দিৰত পুৱাৰে পৰা দেখা যায় অগণন লোকৰ সমাগম । হাতে হাতে ফুল, চাকি, ধূপ, নৈবদ্য লৈ পুৱাৰে পৰা মন্দিৰত ভিৰ কৰে হাজাৰ হাজাৰ ভক্তই ।
এইবাৰ শিৱ চতুর্দশী তিথি বুধবাৰে পুৱা ৯.৩১ মিনিটৰ পৰা বৃহস্পতিবাৰে পুৱা ৮.১৯ মিনিটলৈ থাকিব । মহানগৰীৰ শুক্ৰেশ্বৰ মন্দিৰতো দেখা যায় পুৱাৰে পৰা অগণন ভক্তৰ ভিৰ । ভক্তৰ সুবিধাৰ্থে বুধবাৰে পুৱা ৫ বজাতে ভক্তৰ বাবে খুলি দিয়া হয় মন্দিৰৰ মূলদ্বাৰ ।

আনহাতে, শুক্ৰেশ্বৰ মন্দিৰ কৰ্তৃপক্ষই ভক্তৰ বাবে যোগান ধৰে বিনামূলীয়া পানী আৰু গাখীৰ । প্লাষ্টিকমুক্ত পৰিৱেশ গঢ়াৰ উদ্দেশ্যৰে এই পদক্ষেপ মন্দিৰ কৰ্তৃপক্ষৰ । ইয়াৰ উপৰি নিশাৰ ভাগত সম্পূৰ্ণ আধ্যাত্মিক ৰীতি-নীতিৰে চাৰি প্রহৰৰ পূজা অনুষ্ঠিত কৰা হয় ।

ইয়াৰ পিছত বৃহস্পতিবাৰে পুৱা ৮ বজাৰ পৰা ভক্তৰ বাবে প্ৰসাদ বিতৰণ কৰা হ'ব । এই বর্ষত প্ৰায় ৩০ হাজাৰ ভক্তৰ সমাগম হ'ব বুলি আশাবাদী মন্দিৰ কৰ্তৃপক্ষ ।

একেদৰে উমানন্দ মন্দিৰতো পুৱাৰে পৰা দেখা যায় অগণন ভক্তৰ ভিৰ । এই বৰ্ষত প্ৰায় ১০ হাজাৰ ভক্তৰ সমাগম হ'ব বুলি আশা কৰিছে মন্দিৰ কৰ্তৃপক্ষই । ইফালে ভক্তৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি উমানন্দ মন্দিৰলৈ দুখনকৈ অতিৰিক্ত ফেৰী এম ভি ত্ৰিবেণী আৰু এম ভি অলকানন্দাৰ ব্যৱস্থা কৰিছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে । শিৱৰাত্ৰিৰ দিনটোত অৰ্থাৎ ২৬ ফেব্ৰুৱাৰী আৰু ২৭ ফেব্ৰুৱাৰী এই দুটা দিনত দুখন অতিৰিক্ত ফেৰী যাত্ৰীৰ সুবিধাৰ্থে ব্যৱস্থা কৰা হৈছে ।

উল্লেখ্য যে লোকবিশ্বাস অনুসৰি এই তিথিত মহাদেৱ শিৱ আৰু পাৰ্বতীৰ বিবাহ হৈছিল । সেয়ে এই পবিত্ৰ দিনটোত মহাদেৱৰ আৰাধনা কৰিলে মনোকামনা পূৰ্ণ হয় বুলি বিশ্বাস কৰা হয় ।