thumbnail

By

Published : Jun 21, 2022, 9:22 PM IST

Updated : Feb 3, 2023, 8:24 PM IST

ETV Bharat / Videos

Agnipath Scheme: অগ্নিপথ আঁচনি প্ৰত্যাহাৰ কৰাৰ দাবীত প্ৰতিবাদ ছাত্ৰ যুৱ সংগ্ৰাম সমিতিৰ

অগ্নিপথ আঁচনি প্ৰত্যাহাৰৰ দাবীত গণেশগুৰিত AAP ৰ ভাতৃ সংগঠনৰ প্ৰতিবাদ । মঙলবাৰে অগ্নিপথ আঁচনিৰ(Agnipath Scheme) বিৰুদ্ধে প্ৰতিবাদত বহিল ছাত্ৰ যুৱ সংগ্ৰাম সমিতি (Chatra Yuva Sangharsh Samiti)। অগ্নিপথ প্ৰত্যাহাৰ কৰক, সেনাৰ চাকৰিৰ নামত ধেমালি নচলিব, সেনাক লৈ ধেমালি নচলিব, বিজেপি চৰকাৰ হায় হায় আদি শ্ল’গান দি হাতে হাতে পোষ্টাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীসকলে কয় যে, মোডী চৰকাৰে প্ৰতিবছৰে কোটিৰ ঘৰত চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে অসমতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতি বছৰে এক লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল । কিন্তু চৰকাৰে প্ৰতিশ্ৰুতি পালন নকৰি প্ৰতাৰণা কৰিছে যুৱ সমাজক । চাৰি বছৰীয়া ঠিকাভিত্তিক নিযুক্তিয়ে যুৱ প্ৰজন্মক অনিশ্চিত ভৱিষ্যতলৈ নিব বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে । চৰকাৰে অগ্নিপথ আঁচনি প্ৰত্যাহাৰ নকৰিলে আগন্তুক দিনত জংগী আন্দোলনৰ হুংকাৰ দিয়ে সংগঠনটোৱে (Protest against Agnipath Scheme)।
Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.