thumbnail

By

Published : Aug 14, 2023, 10:07 AM IST

ETV Bharat / Videos

Dhemaji Contractor: ঠিকাদাৰৰ পঞ্জীয়ন মাচুল বৃদ্ধিৰ ক্ষেত্ৰত কিছু নিয়ম শিথিলৰ দাবী

ধেমাজি, 14 আগষ্ট: অসম চৰকাৰে লোৱা সিদ্ধান্তৰ বাবে বিপদত পৰিছে অসমৰ ক্ষুদ্ৰ ঠিকাদাৰসকল ৷ কিয়নো এতিয়াৰে পৰা ঠিকাদাৰসকলে কাম নকৰিলেও শ্ৰেণী অনুসৰি ভৰিব লাগিব ওভোটাই নোপোৱা পঞ্জীয়নৰ মাচুল ৷ ইয়াকে লৈ হাহাকাৰ লাগিছে ঠিকাদাৰসকলৰ মাজত ৷ এই সম্পৰ্কত ধেমাজি গড়কাপ্তানি বিভাগৰ একাংশ ঠিকাদাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ ঠিকাদাৰ সকলৰ মুখ্যমন্ত্ৰীলৈ অনুৰোধ, ’’আপুনি সিদ্ধান্ত ল’বও পাৰে বাতিলো কৰিব পাৰে ৷ সেয়ে শ্ৰেণী অনুসৰি ঠিকাদাৰে ভৰিব লগা ওভোটাই নোপোৱা পঞ্জীয়নৰ মাচুলৰ ক্ষেত্ৰত নিয়ম কিছু শিথিল কৰক ৷ আন্যথা আমি কেনেকৈ জীয়াই থাকিম ৷’’   

উল্লেখ্য যে, চৰকাৰৰ নতুন নিয়ম অনুসৰি এ শ্ৰেণীৰ ঠিকাদাৰৰ পঞ্জীয়ন মাচুল 5 লাখ টকা, বি শ্ৰেণীৰ ঠিকাদাৰৰ 2 লাখ, চি শ্ৰেণীৰ ঠিকাদাৰৰ এক লাখ, দ্বিতীয় শ্ৰেণী ঠিকাদাৰৰ 50 হাজাৰ, তৃতীয় শ্ৰেণী ঠিকাদাৰৰ 25 হাজাৰলৈ বৃদ্ধি কৰা হৈছিল পঞ্জীয়নৰ মাচুলৰ ক্ষেত্ৰত ৷ ইপিনে পূৰ্বৰ তুলনাত ৪০০% পঞ্জীয়ন মাচুল বৃদ্ধি কৰাত চিন্তিত হৈ পৰিছে ক্ষুদ্ৰ সৰু-বৰ ঠিকাদাৰসকল ৷

লগতে পঢ়ক:Chutia Yuva Sanmilan Assam: জনজাতিকৰণ সন্দৰ্ভত চৰকাৰে কৰা প্ৰতাৰণাৰ উচিত প্ৰতিফল দিবলৈ সাজু চুতীয়া যুৱ সন্মিলন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.