Kamalakshya Dey Purakayastha : বিজেপিত কংগ্ৰেছৰ দপদপনি চলি আছে- কমলাক্ষ দে’ পুৰকায়স্থ

🎬 Watch Now: Feature Video

thumbnail

ডিফু, ৬ মে': ডিফুৰ আবৰ্ত ভৱনত শুকুৰবাৰৰ পৰা বাহৰ পাতিছে অসম বিধান সভাৰ ৰাজহুৱা হিছাপ পৰীক্ষকৰ আঠ জনীয়া দলে ৷ দলটোৱে পাহাৰীয়া ৰাজ্যখনৰ উন্নয়ণৰ কাম কাজসমূহ চোৱা চিতা কৰিছে (Kamalakshya Dey Purakayastha commented on BJP) ৷ দলটোৰ সদস্য তথা কংগ্ৰেছ দলৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে’ পুৰকায়স্থই সংবাদমাধ্যমৰ আগত বিজেপিক কটাক্ষ কৰি কয় যে, আজিকালি বিজেপিত প্ৰাক্তন বিজেপিসকলৰ কোনো আদৰ সন্মান নাই ৷ কংগ্ৰেছৰ পৰা যোৱাকেইটাই বিজেপিত দপদপাই আছে (Assam Assembly audit team in Diphu)৷ বেছি দিন নাই সেইকেইজনো কংগ্ৰেছলৈ পুনৰ ঘূৰি আহিব ৷  

বিধায়কগৰাকীয়ে কৰ্ণাটকৰ পিচতে মধ্যপ্ৰদেশ আৰু চতীশগড় কংগ্ৰেছে দখল কৰিব বুলি দাবী উত্থাপন কৰে  ৷ কৰ্ণাটকত বিজেপিৰ কোনো নিৰ্বাচনী ইছ্যু নথকাত তেওঁলোকে কেৱল ধৰ্মীয় মেৰুকৰণ কৰি জয়ী হ’বলৈ চেষ্টা কৰিছে ৷ অসমত বিজেপি চৰকাৰৰ দিনত সাত-আঠগুণ দুৰ্নীতি বৃদ্ধি পোৱা বুলি তেওঁ কয় ৷  

কমলাক্ষ দে’ পুৰকায়স্থই মুখ্যমন্ত্ৰীৰ নাম উল্লেখ নকৰাকৈ কয় যে কাৰ্বি আংলঙক কোনোৱে এটি এম হিচাবে ব্যৱহাৰ কৰিছে ৷ ধনৰ দৰকাৰ হ’লেই কাৰ্বি আংলঙলৈ আহে ৷ 

লগতে পঢ়ক:Gunotsav rusults : খিলঞ্জীয়া বসতিপ্ৰধান জিলাত ক্ৰমাৎ নিম্নগামী গুণোৎসৱৰ ফলাফল

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.