thumbnail

By ETV Bharat Assamese Team

Published : Aug 27, 2023, 7:22 AM IST

ETV Bharat / Videos

Rumor at Jonai: অস্বাভাৱিক আকৃতিৰ শিলাখণ্ডক লৈ জোনাইত হৈ চৈ; ভুৱা বাতৰি প্ৰচাৰ নকৰিবলৈ সকীয়নি গঞাৰ

জোনাই, ২৭ আগষ্ট : ভাৰতৰ মহাকাশ গৱেষণা সন্থা চমুকৈ ISRO ৰ তত্বাৱধানত চন্দ্ৰযান-৩ ক জোনবাইৰ দেশত অৱতৰণ কৰা সময়তে অসমৰ এটা ব্যক্তিগত চিভি চেনেলত এটা ভুৱা বাতৰি সম্প্ৰচাৰ হৈ অহাৰ অভিযোগ উত্থাপন হৈছে ৷ ব্যক্তিগত চিভি চেনেলটোত প্ৰকাশ কৰা বাতৰি অনুসৰি, আকাশৰ পৰা এটুকুৰা শিলাখণ্ড ধেমাজি জিলাৰ চিমেন চাপৰি আৰক্ষী থানাৰ অন্তৰ্গত ডেকাপাম উদয়পুৰ নাথ গাঁৱত পৰিছে ৷ এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পাচতে সাধাৰণ ৰাইজৰ মাজত সৃষ্টি হৈছে ভয় আৰু উৎকণ্ঠাৰ ৷

এই বিস্ময়কৰ শিলাখণ্ডটো চাবলৈ উদয়পুৰ নাথ গাঁৱৰ বিপুল নাথৰ ঘৰত উপস্থিত হয় বহু লোক ৷ তাৰ পাচতে ভালদৰে প্ৰত্যক্ষ কৰি এই শিলাখণ্ডটো আকাশৰ পৰা খহি পৰা কোনো পদাৰ্থ নহয় বুলি স্পষ্ট হৈ পৰে ৷ শনিবাৰে নিশা ৭.৩০ বজাত উদয়পুৰ গাঁৱৰ পৰিচালনা সমিতিয়ে লিখিতভাৱে উক্ত বাতৰিটো ভুৱা উল্লেখ কৰে ৷ লগতে গাঁওখনক লৈ এনে ভুৱা বাতৰি সম্প্ৰচাৰ নকৰিবলৈ সকীয়নীও প্ৰদান কৰে ব্যক্তিগত চিভি চেনেলটোত ৷

উদয়পুৰ গাঁৱৰ ৰাইজে জনোৱা মতে, কেইদিনমান পূৰ্বে গাঁওখনৰে এটা পৰিয়ালে পকী কামৰ বাবে চিমেন নদীৰ পৰা ট্ৰেক্টৰেৰে অনা শিল-বালিত আহিছিল এটুকুৰা বেলেগ আকাৰৰ শিলৰ টুকুৰা ৷ তাৰ পাচতে সেই শিলৰ টুকুৰাটো উদয়পুৰ গাঁৱৰ বিপুল নাথৰ নাতিয়েকে ঘৰলৈ লৈ যায় ৷

বিপুল নাথে ঘৰৰ বাৰীত কাম কৰি থাকোতে এজোপা গছৰ তলত এই অদ্ভুত আকাৰৰ শিলাখণ্ডটো প্ৰত্যক্ষ কৰে ৷ পৰৱৰ্তী পৰ্যায়ত বিপুল নাথে শিলৰ টুকুৰাটোৰ ফটো তুলি তিনিচুকীয়াৰ ৰে'লৱে কলনীত থকা ভাগিনীয়েকলৈ পঠিয়াই দিয়ে । তাৰ পাচতে তিনিচুকীয়াৰ বিপুল নাথৰ ভাগিনীয়েকে ব্যক্তিগত চিভি চেনেলটোৰ সাংবাদিকলৈ প্ৰেৰণ কৰি মনেসজা ভাষ্য প্ৰদান কৰে ৷

পৰৱৰ্তী পৰ্যায়ত উক্ত মনেসজা বাতৰিটো সম্প্ৰচাৰ হোৱাত ওলাই পৰে উৰহী গছৰ ওৰ ৷ এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পাচতে খৰ্গগ্ৰস্ত হৈ পৰে উদয়পুৰ গাঁৱৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া ৷ কোনো কথাৰ সত্যতা নিৰুপন নকৰাকৈ অনাগত সময়ত মনে সজা কাহিনীৰ আধাৰত বাতৰি সম্প্ৰচাৰ নকৰিবলৈ উদয়পুৰ গাঁও পৰিচালনা সমিতিৰ সভাপতি জীৱন হাজৰিকা, সম্পাদক প্ৰশান্ত সোণোৱালে ব্যক্তিগত চিভি চেনেলটোক এক প্ৰকাৰে সকিয়নী প্ৰদান কৰে ৷

লগতে পঢ়ক : Bulandshahr Accident News:বিষাক্ত গেছ নিৰ্গত হৈ কুঁৱাৰ মটৰ ঠিক কৰিবলৈ যোৱা 3 কৃষকৰ মৃত্যু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.