Cheque distribution in Baska: বৰমাত ১২০০ শিক্ষাৰ্থীক বিটিআৰ চৰকাৰে প্ৰদান কৰিলে এককালীন সাহায্য - Distribution of Cheque at Barama
🎬 Watch Now: Feature Video
বাক্সা, ২৭ এপ্ৰিল: বাক্সা জিলাৰ বৰমাত বিটিআৰ চৰকাৰৰ জ্ঞান চৌৰাং বিথাংক্ষীয়া আঁচনিৰ অধীনত ছাত্ৰ-ছাত্ৰী সকলক সাহায্য প্ৰদান কৰা হয় (Gyan Chaurang Vithankhiya Scheme)। মন্ত্ৰী ইউ জি ব্ৰহ্মই বন্তি প্ৰজ্বলন কৰাৰ পিচতেই আদৰণি ভাষণ আগবঢ়াই বাক্সা জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক ভবেন দেউৰীয়ে ৷ উক্ত সভাত বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়োৱে বিটিআৰ অঞ্চলৰ আন্তঃগাঁথনি উন্নয়ন কৰাৰ বাবে বিটিআৰ চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে বুলি কয় ৷ ইতিমধ্যে বিটিআৰ চৰকাৰে বিভিন্ন উন্নয়নমূলক আঁচনিৰে বিটিআৰ অঞ্চলৰ ৰাইজক সহায় কৰিছে বুলি তেওঁ মন্তব্য কৰে (Distribution of Cheque at Barama) ৷
তেওঁ এই অনুষ্ঠানটোত মুছলপুৰ মহকুমাৰ চাৰিটা পৰিষদীয় সমষ্টিৰ ১২০০ গৰাকী ছাত্ৰ-ছাত্ৰীক ৫০০০ টকাকৈ এককালীন সাহায্য প্ৰদান কৰে (One time assistance to students at Baska) ৷ ইপিনে, বাক্সা জিলাৰ ৯,২০০ গৰাকী ছাত্ৰ-ছাত্ৰীক ৫০০০ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হ'ব বুলি কয় ৷
এই আঁচনিত অনুসূচিত জাতিৰ লগতে অ'বিচিৰ সকলো ছাত্ৰ-ছাত্ৰীক সাঙুৰি লোৱা হৈছে বুলি তেওঁ কয় ৷ তেওঁ বিশেষকৈ বৰ্তমান প্ৰতিযোগিতামূলক যুগত ছাত্ৰ-ছাত্ৰী সকলক আগবাঢ়ি আহিবলৈ আহ্বান জনায় । অনুষ্ঠানটোত ইএম ৰাকেশ ব্ৰহ্ম, ঘনশ্যাম দাসকে আদি কৰি কেইবাগৰাকী বিশিষ্ট ব্য়ক্তি উপস্থিত থাকে ৷
লগতে পঢ়ক:Cyber criminal eye on Govt schemes: মৰিগাঁও আৰক্ষীৰ জালত ছাদ্দাম হুছেইনসহ তিনি চাইবাৰ অপৰাধী