উত্তৰ কাছাৰ নিৰ্বাচমনৰ পূৰ্বে হোজাইত 11 লাখ 50 হাজাৰ টকাসহ আটক BJP নেতা
🎬 Watch Now: Feature Video
হোজাই, 7 জানুৱাৰী: কাইলৈ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন ৷ এই নিৰ্বাচনৰ এদিন পূৰ্বে হোজাই জিলাত 11 লাখ 50 হাজাৰ টকাসহ আৰক্ষীৰ হাতত আটক ডিমা হাছাও জিলাৰ বিজেপি নেতা । আজি অৰ্থাৎ দেওবাৰে হোজাই জিলাত আটক কৰা হয় বিজেপিৰ নেতাগৰাকীক ৷
উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ পূৰ্ব মাইবাং সমষ্টিৰ পৰা বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ কৰা বিজেপি প্ৰাৰ্থী মনজয় লাংথাচাই এই বৃহৎ পৰিমাণৰ ধনৰাশিসহ গুৱাহাটী লৈ গৈ আছিল বুলি জানিব পৰা গৈছে ৷ হোজাই জিলাৰ প্ৰশাসনিক সূত্ৰৰ পৰা জানিব পৰা মতে, গোপন সূত্ৰৰ খবৰৰ ভিত্তিত আজি হোজাইত দুখন বাহন জব্দ কৰা হয় ৷ এই দুখন বাহনৰ পৰা 8 গৰাকী ব্যক্তিসহ নগদ ধন 11 লাখ 50 হাজাৰ টকা জব্দ কৰে আৰক্ষীয়ে ।
বাতৰি যুগুত কৰা পৰলৈকে আৰক্ষীয়ে লোককেইজনক সোধ-পোচ অব্যাহত ৰাখিছে । নগদ ধনখিনি হাফলঙৰ পৰা গুৱাহাটী লৈ যোৱা হৈছিল আৰু এই জব্দকৃত ধনখিনি নিৰ্বাচন আয়োগক জমা দিয়া হ’ব বুলি হোজাই জিলাৰ প্ৰশাসনিক সূত্ৰই জানিবলৈ দিয়ে ।
লগতে পঢ়ক : বিজেপি থাকিলে ডিমা হাছাও ক্ষুদ্ৰ মণিপুৰত পৰিণত হ’ব: সুস্মিতা দেৱ