অসুৰৰ অট্টহাস্যত কঁপি উঠিল টিংখাঙৰ ৰতনপুৰ গাঁও

By ETV Bharat Assamese Team

Published : Dec 12, 2023, 10:22 AM IST

thumbnail

ডিব্ৰুগড়, 12 ডিচেম্বৰ : শীতৰ সেমেকা ৰাতি অসুৰৰ অট্টহাস্যত কঁপি উঠিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নামঘৰসমূহত ৷ সোমবাৰে নিশা অসুৰৰ অট্টহাস্যত কঁপি উঠিল টিংখাঙৰ ৰতনপুৰ গাঁও ৷ নিশাৰ ভাগত গাঁওখনক প্ৰদৰ্শন কৰা হয় এখনি ভাওনাৰ ৷ আনহাতে গুৰু দুজনাৰ অমৰ সৃষ্টি ভাওনা উপভোগৰ বাবে নিশাৰ ভাগত পাৰ ভাগি ওলাই আহিল দৰ্শক ৷

উল্লেখ্য যে, গাঁওখনৰ সুনীতি চুতীয়া, ৰেৱতী চেতীয়া আৰু তেওঁৰ পৰিয়ালবৰ্গৰ আতিথ্যত প্ৰদৰ্শন কৰা হয় ‘নৃসিংহ অৱতাৰ’ নামৰে এখনি ভাওনা ৷ ইফালে, উপাসনা আধ্যাত্মিক কেন্দ্ৰৰ শিল্পীসকলৰ দ্বাৰা প্ৰদৰ্শন কৰা ভাওনাখনৰ নাট পৰিচালনা কৰে যোগেশ শইকীয়াই ৷ বিভিন্ন প্ৰান্তৰ পৰা অহা বচা বচা শিল্পীসকলৰ দ্বাৰা ভাওনা প্ৰদৰ্শন কৰা হৈছিল বুলি উল্লেখ কৰে নাট পৰিচালক যোগেশ শইকীয়াই ৷

লগতে পঢ়ক : 2000 টকাৰ বাবে দাৰে ঘপিয়াই হত্যা আটছা নেতাক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.