Beharbari Outpost protest: গুৱাহাটী পৌৰ নিগমৰ বিৰুদ্ধে পথলৈ ওলাই আহিল বেহাৰবাৰী Outpost ৰ কলা কুশলী - পৌৰ নিগমৰ বিৰুদ্ধে পথত বেহাৰবাৰী Outpost ৰ কলা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Feb 18, 2023, 11:54 AM IST

গুৱাহাটী, 18 ফেব্ৰুৱাৰী : শ্বুটিং এৰি পথলৈ ওলাই আহি পৌৰ নিগমৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে বেহাৰবাৰী Outpost ৰ কলা-কুশলীসকলে ৷ মহানগৰীৰ জু-ৰোডৰ সুন্দৰপুৰত আছে জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী Outpost ৰ শ্বুটিংস্থলী আৰু এই শ্বুটিংস্থলীৰ কিছু সমীপত আছে বাহিনী নৈখন । জানিব পৰা মতে,বাহিনী নৈৰ খনন তথা নিষ্কাষণৰ গইনা লৈ গুৱাহাটী পৌৰ নিগমে নৈ খনৰ দাঁতিত থকা বহু মূল্যৱান গছ গছনি জে চি বি লগাই শুকুৰবাৰে উভালি পেলায় (Beharbari Outpost artists protest against GMC) ।

স্বাভাৱিকতে জি এম চিৰ এনে উচ্ছেদক লৈ অঞ্চলটোত সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ । ইফালে বেহাৰবাৰী Outpost ৰ শিল্পী তথা কলা-কুশলীসকলে পৌৰ নিগমে বাহিনী নৈৰ পাৰত তেওঁলোকে ৰোপণ কৰা মূল্যবান গছ গছনি সমূহ এনেদৰে এফালৰ পৰা হঠাৎ উভালি পেলোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে । বেহাৰবাৰী আউট পোষ্টত অভিনয় কৰা একাংশ শিল্পীযে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়া মতে, বাৰিষাৰ দিনত অঞ্চলটোত কৃত্ৰিম বানৰ সৃষ্টি হৈ পথ আৰু বাহিনী নৈ একাকাৰ হৈ পৰে । এনে পৰিস্থিতিত বিপদ সংকুল হৈ পৰা বাহিনী নৈৰ কাষেৰে অহা যোৱা কৰাৰ ক্ষেত্ৰত যথেষ্ঠ অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈ আহিছে অঞ্চলবাসী । 

লক্ষণীয়ভাৱে কৃত্ৰিম বানত মূল পথ, নৈ একাকাৰ হৈ পৰাৰ ফলত বিগত সময়চোৱাত কেইবাজনো লোকে বাহিনী নৈত পৰি প্ৰাণ হেৰুৱাবলগীয়া হৈছিল । প্ৰতি বছৰে স্থানীয় ৰাইজে ভোগ কৰি অহা এনে অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বেহাৰবাৰী Outpost ৰ শিল্পী তথা কলা কুশলীসকলে বাহিনী নৈৰ দাঁতিত ৰুই দিছিল কেইবাডালো মূল্যৱান গছ । ৰোপণ কৰা গছসমূহ পৰৱৰ্তী সময়ত ডাঙৰ হৈ পৰিৱেশ সংৰক্ষণ কৰাৰ লগতে বাৰিষাৰ দিনত হোৱা কৃত্ৰিম বানত পথ আৰু নলা নিৰ্ধাৰণ কৰাৰ বাবে এই গছ সমূহে পথচাৰীক সহায় কৰিছিল  । 

কিন্তু স্থানীয় লোকৰ সুবিধা-অসুবিধাক তিলমানো গুৰুত্ব প্ৰদান নকৰি বাহিনী নৈ পৰিষ্কাৰৰ বাবে অহা গুৱাহাটী পৌৰ নিগমে জেচিবি লগাই গছ কেইডাল উভালি পেলোৱাত তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰে আৰু পথলৈ ওলাই আহি ক্ষোভ ব্যক্ত কৰিবলৈ বাধ্য হয় বেহাৰবাৰী Outpost ৰ একাংশ শিল্পী তথা কলা কুশলী । প্ৰতিবাদী শিল্পী সকলে বাহিনী নৈৰ দাঁতিত থকা গছ গছনি সমূহ সংৰক্ষণ কৰি নৈখন খনন তথা নিষ্কাষণৰ কাম আগবঢ়াই নিবলৈ গুৱাহাটী পৌৰ নিগমলৈ আহ্বান জনায়।

লগতে পঢ়ক : Shah Alam killed in encounter : আৰক্ষীৰ এনকাউণ্টাৰত নিহত ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.