Assam BJP: লুৰীণজ্যোতি গগৈৰ পৰা সাম্প্ৰদায়িকতাৰ সংজ্ঞা লাগে ৰাজ্যিক বিজেপিক - লুৰীণজ্যোতি গগৈ
🎬 Watch Now: Feature Video
Published : Sep 28, 2023, 9:10 PM IST
গুৱাহাটী, 28 ছেপ্টেম্বৰ: বিজেপিয়ে সাম্প্ৰদায়িকতা সৃষ্টি কৰা বুলি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কৰা মন্তব্যৰ পাছত এতিয়া উভতি ধৰিছে বিজেপিৰ মুখপাত্ৰ মমিনুল আৱালে ৷ উল্লেখ্য অজাপৰ সভাপতিগৰাকীয়ে বিজেপিয়ে বৰ্তমান সাম্প্ৰদায়িকতা সৃষ্টি কৰিছে আৰু দেশত ভাৰতীয় জনতা পাৰ্টী দলটোৱে সদায় সাম্প্ৰদায়িকতাৰ কথা কয় বুলি মন্তব্য কৰিছিল ৷
ইয়াৰ প্ৰত্যুত্তৰত বিজেপিৰ মুখপাত্ৰ মমিনুল আৱালে কয় যে সাম্প্ৰদায়িকতা কাক কয়, সাম্প্ৰদায়িকতাৰ সংজ্ঞা কি প্ৰথমতে অসমৰ ৰাইজৰ ওচৰত স্পষ্ট কৰিব লাগে লুৰীণজ্যোতি গগৈয়ে ৷ ভাৰতীয় জনতা পাৰ্টীয়ে সদায় ভাৰতীয় সভ্যতা-সংস্কৃতি, সনাতনী-হিন্দু সভ্যতা সংস্কৃতিৰ কাৰণে কাম কৰি আছে বুলি তেওঁ উল্লেখ কৰি কয় যে সেইটোৱেই যদি লুৰীণজ্যোতি গগৈৰ মতে সাম্প্ৰদায়িকতা হয় তাতকৈ দুৰ্ভাগ্যজনক কথা নাই ।
লগতে মুখপাত্ৰজনে কয় যে তেওঁলোকে বিভিন্ন ৰাজনৈতিক দল লগ হৈ মিত্ৰতা কৰিছে, তাৰ বাবে আমি শুভেচ্ছা জনাইছোঁ । কিন্তু তেওঁলোকৰ এই মিত্ৰতাই নিৰ্বাচনৰ সময়ত নিজৰ মাজতে এক কাজিয়াৰহে সৃষ্টি কৰিব ।
লগতে পঢ়ক: Pijush Hazarika: টিকট দিব নোৱাৰা বাবেই কংগ্ৰেছৰ বহু নেতা বিজেপিলৈ অহা নাই; মন্ত্রী পীযুষ হাজৰীকা