Amrit Brikshya Andolan: তিনিচুকীয়াত শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ গছপুলি ৰোপণ - Set world record by planting of trees

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 17, 2023, 2:25 PM IST

তিনিচুকীয়া, ১৭ ছেপ্তেম্বৰ: দেওবাৰে অন্যান্য প্ৰান্তৰ লগতে তিনিচুকীয়াতো 'অমৃত বৃক্ষ আন্দোলন'ৰ অংশস্বৰূপে ৰোপণ কৰা হয় গছপুলি । পৰিবেশ সুৰক্ষা সমিতি আৰ অসমৰ অমৃত বৃক্ষ ৰোপণ ৰাজ্যিক পৰিচালনা সমিতিৰ উদ্যোগত অসম চৰকাৰৰ এক কোটি অমৃত বৃক্ষ ৰোপণ কাৰ্যসূচীৰ সহযোগিতাস্বৰূপে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ সোঁৱৰণীত গছপুলি ৰোপণ কৰে শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণে ৷  

তাৰ সমান্তৰালভাৱে বৰদলৈ নগৰস্থিত লেকৰ সন্মুখত মন্ত্ৰীগৰাকীয়ে স্থানীয় ৰাইজকো গছপুলি বিতৰণ কৰে আৰু সকলোকে গছপুলি ৰোপণ কৰি সেউজ পৰিৱেশ গঢ়ি তুলিবলৈ আহ্বান জনায় ৷ পৰিবেশ সুৰক্ষা সমিতিৰ উদ্যোগত দীৰ্ঘদিনৰ পৰা ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ সোঁৱৰণীত গছপুলি ৰোপণ, বিতৰণ আৰু প্ৰতিপালন কৰি আহিছে ৷ তাৰেই এক অংশস্বৰূপে দেওবাৰে ৰাজ্যজুৰি পালন কৰা অমৃত বৃক্ষ আন্দোলনৰ কাৰ্যসূচীত সহযোগিতা আগবঢ়োৱা হৈছে বুলি অৱগত কৰে পৰিবেশ সুৰক্ষা সমিতি, অসমৰ সভাপতি ৰিতুৰাজ বৰুৱাই ৷  

লগতে পঢ়ক: Pijush Hazarika to Gaurav Gogoi: খুড়াক দ্বীপ গগৈক ডেগাৰ মাৰি সাংসদ হ’ল গৌৰৱ গগৈ; পীযুষ হাজৰিকাৰ বাক্যবাণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.