thumbnail

Negligence of Headmaster: ১০ বজাতেই ছুটী দক্ষিণ বলাইপাথাৰ বিদ্যালয়

By

Published : Feb 7, 2023, 3:49 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

জনীয়া,৭ ফেব্ৰুৱাৰী: চৰকাৰে গুণোৎসৱৰ জৰিয়তে ৰাজ্য়ৰ শিক্ষাখণ্ডৰ আমুল পৰিৱৰ্তন আনিবলৈ চেষ্টা চলাই থকাৰ সময়তে বৰপেটা জিলাৰ দক্ষিণ বলাইপাথাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ কৰ্ম-কাণ্ডই ৰাইজৰ চকু কঁপালত তুলিছে (Gunotsav in Barpeta)। শিক্ষকৰ চৰম অৱহেলাৰ বাবে এতিয়া বিদ্য়ালয়ত ছাত্ৰ-ছাত্ৰী শিক্ষা লাভৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে । শিক্ষকৰ মইমতালিৰ বাবে কুকুৰাৰ গঁৰাল সদৃশ হৈ পৰিছে দক্ষিণ বলাইপাথাৰ প্ৰাথমিক বিদ্যালয়খন । এই বিদ্যালয়খনত এতিয়া ছাত্ৰ-ছাত্ৰীৰ পৰিৰ্ৱতে আছে কেৱল কুকুৰা চৰাই (Negligence of Headmaster in Barpeta)।

আছে গৰু নাবায় হাল থকাতকৈ নথকাই ভাল । উক্ত আপ্তবাক্যশাৰীৰ প্ৰতিফলন হৈছে ৰূপসী প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত দক্ষিণ বলাইপাথাৰ প্ৰাথমিক বিদ্যালয়খনৰ ক্ষেত্ৰত । উল্লেখ্য় যে এই প্ৰাথমিক বিদ্যালয়খনত ১৩০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে আছে দুজনকৈ শিক্ষক (Irregularities in Balaipathar Primary School)। কিন্তু এই শিক্ষক দুজনৰ চৰম গাফিলতিৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে পাঠদানৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে । সোমবাৰে ১০-৩০ বজাত বিদ্যালয় ছুটী দিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । প্ৰধান শিক্ষক ছোৰমান আলীৰ বিৰুদ্ধে ১০-৩০ বজাতেই বিদ্যালয় ছুটী দিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে (Allegation against headmaster of School in Rupsi)। পিছ মূহুৰ্তত উক্ত বিদ্যালয়খনত সাংবাদিক উপস্থিত হোৱাত ছাত্ৰ-ছাত্ৰীৰ পৰিৱৰ্তে বিদ্যালয়ৰ ভিতৰত কেৱল কুকুৰা চৰাইহে প্ৰত্য়ক্ষ কৰা হয় ।

ইপিনে, এই বিদ্যালয়খনত শিক্ষকসকল সদায় পলমকৈ অহাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । উক্ত বিষয়টো সন্দৰ্ভত ৰূপসী খণ্ড প্ৰাথমিক শিক্ষা বিষয়া প্ৰদীপ কুমাৰ দাসে কয় যে বিদ্যালয়ত পাঠদান চলি থকাৰ সময়ত ছুটী দিয়াটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয় (Rupsi Block Primary Education Officer)। কি কাৰণত বিদ্যালয়খন নিৰ্দিষ্ট সময়ৰ পূৰ্বে ছুটী দিলে সেয়া তদন্তৰ আওঁতালৈ অনা হ'ব বুলি তেওঁ কয় ।

লগতে পঢ়ক:Happy Propose Day 2023: আন কোনোবাই কৰাৰ আগতে এইকেইটা ট্ৰিকৰ সহায়ত আজিয়েই প্ৰস্তুত হওক প্ৰিয়জনক প্ৰস্তাৱ দিবলৈ

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.