AJP on Silsako Eviction : শিলসাঁকোৰ উচ্ছেদ সন্দৰ্ভত প্ৰতিক্ৰিয়া অজাপৰ মুখপাত্ৰ শুভাকৰণ কোহাঞিৰ
🎬 Watch Now: Feature Video
Published : Sep 1, 2023, 10:46 PM IST
ডিব্ৰুগড়, 1 ছেপ্টেম্বৰ : "আজিৰ ঘটনা অতিশয় লজ্জাজনক ৷ অসমত যিখন চৰকাৰ আছে এইখন দুৰ্যোধন, দুঃশাসনৰ চৰকাৰ ৷ চৰকাৰত অসংবেদনশীল ব্যক্তি থকাৰ বাবেই আজিৰ এই দুৰ্ভাগ্যজনক ঘটনা ঘটিবলৈ পালে৷ " শিলসাঁকোৰ উচ্ছেদ সন্দৰ্ভত টিংখাঙত এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে অসম জাতীয় পৰিষদে ৷
যিখন চৰকাৰে ৰামদেৱক পাম অইলৰ খেতিৰ বাবে হাজাৰ হাজাৰ বিঘা মাটি মুকলাই দিব পাৰে সেইখন চৰকাৰে খিলঞ্জীয়া ভূমিপুত্ৰ সকলক ঘৰ-বাৰী উচ্ছেদ কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা প্ৰদান কৰে অসম জাতীয় পৰিষদৰ মুখপাত্ৰ শুভাকৰণ কোহাঞিয়ে ৷
উল্লেখযোগ্য যে শিলসাঁকোত উচ্ছেদ অভিযান চলাবলৈ অহা প্ৰশাসনক বাধা প্ৰদান কৰি উচ্ছেদিত একাংশ মহিলাই অৰ্ধ নগ্ন প্ৰতিবাদ সাব্যস্ত কৰে ৷ এই ঘটনাই ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৷ এই ঘটনাক লৈ অসম জাতীয় পৰিষদে চৰকাৰক তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে ৷
লগতে পঢ়ক : Silsako Eviction: প্ৰতিবাদ কৰক, কিন্তু কাপোৰ খুলি নহয়; ভৱেশ কলিতা