AASU Cycle Rally at Kaliabor: চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্ত; কলিয়াবৰত চাইকেল ৰেলীৰে আছুৰ প্ৰতিবাদ

By

Published : Jun 24, 2023, 6:12 PM IST

thumbnail

কলিয়াবৰ, 24 জুন: অসম চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থা ৷ চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্ত বাতিলৰ দাবীত ৰাজ্যজুৰি আছুৱে শনিবাৰে চাইকেল ৰেলীৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷  

কলিয়াবৰতো ৰাজ্যৰ আন প্ৰান্তৰ দৰেই আছুৱে চাইকেল ৰেলীৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷ হাতত প্লে কাৰ্ড লৈ ৰণোজ পেগু মুদাৰ্বাদ ধ্বনিৰে অসমীয়া মাধ্যম বিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীত বিশাল চাইকেল ৰেলী বাহিৰ কৰে আছু কৰ্মীসকলে ৷ কুঁৱৰীটোল ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা আৰম্ভ হোৱা এই চাইকেল ৰেলী অন্ত পৰে কলিয়াবৰ তিনিআলিৰ কলিয়াবৰ মহকুমা কাৰ্যালয়ৰ সমীপত ৷ 

ছাত্ৰ সন্থাৰ এই চাইকেল ৰেলী কাৰ্যসূচীৰ প্ৰতি সমর্থন জনাই কলিয়াবৰ শাখা সাহিত্য সভাৰ সভাপতি নবীন বৰঠাকুৰৰ লগতে বিষয়ববীয়াসকল, কলিয়াবৰ জিলা কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন সভাপতিকে ধৰি বৰ্তমানৰ সভাপতি-সম্পাদক আৰু বিষয়ববীয়াসকল, শিলঘাট অশোকাষ্টমী মেলা সমিতিৰ সম্পাদক, বিষয়ববীয়াসকলৰ লগতে কলিয়াবৰৰ বিভিন্ন অনুষ্ঠানৰ বিষয়ববীয়া আৰু বিশিষ্ট ব্যক্তিসকলে ৷

অসম চৰকাৰে অতি শীঘ্ৰেই মাধ্যম বিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰ নকৰিলে পৰৱৰ্তী সময়ত ছাত্ৰ সন্থাই তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব বুলি ছাত্ৰ সংগঠনটোৱে হুংকাৰ দিয়ে ৷

লগতে পঢ়ক: AASU Protest: চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্ত বাতিলৰ দাবীত ৰাজ্যজুৰি আছুৰ প্ৰতিবাদ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.