thumbnail

By

Published : Mar 7, 2023, 1:41 PM IST

ETV Bharat / Videos

Debasish Gogoi lynching case: চৰকাৰে দেৱাশীষৰ পৰিয়ালক দিয়া প্ৰতিশ্ৰুতি পালন কৰিবলৈ আছুৰ দাবী

যোৰহাট, ৭ মাৰ্চ:যোৰহাট জিলাৰ মৰিয়নিৰ গাভৰু পাহাৰত 2020 চনৰ 29 মে’ত সংঘটিত হৈছিল দেৱাশীষ গগৈৰ নৃশংস হত্যাকাণ্ড (Debasish Gogoi lynching case in Mariani)৷ মৰিয়নিৰ গাভৰু পাহাৰৰ আঠাইশ হিল নামৰ স্থানত সৌন্দৰ্য উপভোগ কৰিবলৈ যাওঁতেই এদল মানৱৰূপী দানৱৰ আক্ৰমণৰ বলি হৈ অকাল মৃত্যুক সাৱটি ল'ব লগীয়া হৈছিল দেৱাশীষে ৷ ইয়াৰ পিছতেই এই হত্য়াকাণ্ডক লৈ ৰাজ্য়জুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । এই হত্যাকাণ্ড ঘটনা সংঘটিত হোৱাৰ পাছত তদানীন্তন অসম চৰকাৰে এই পৰিয়ালটোৰ অৰ্হতা সম্পন্ন জ্যেষ্ঠ কন্যাক সংস্থাপন দিয়া আৰু গাভৰু পৰ্বতত দেৱাশীষৰ স্মৃতি যুগমীয়া কৰিবৰ বাবে স্মৃতি সৌধ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল । কিন্তু তিনি বছৰ হ'বৰ হ'ল যদিও চৰকাৰে কোনো প্ৰতিশ্ৰুতি পূৰণ নকৰাত ক্ষোভ উজাৰিছে যোৰহাট জিলা ছাত্ৰ সন্থা সাধাৰণ সম্পাদক অজুৰ্নমনি ভঞাই ।

আদালতে এই ঘটনাৰে জড়িত মুঠ ১৮ জন দোষীৰ ১১ টা অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ পিছতেই চৰকাৰে দিয়া প্ৰতিশ্ৰুতি শীঘ্ৰে কাৰ্যকৰী কৰিবলৈ দাবী জনাইছে যোৰহাট আছুই (Jorhat AASU demand government to implement promise)। যোৰহাট জিলা ছাত্ৰ সন্থা সাধাৰণ সম্পাদক অজুৰ্নমনি ভঞাই এই প্ৰসংগত কয় যে আছুৰ প্ৰতিবাদ তথা আলোচনাৰ অন্তত চৰকাৰৰ হৈ প্ৰশাসনে উক্ত প্ৰতিশ্ৰুতি  প্ৰদান কৰিছিল । আছুৰ লগতে পৰিয়ালৰ লোকেও অতি শীঘ্ৰে চৰকাৰে দিয়া প্ৰতিশ্ৰুতি কাৰ্যকৰী কৰিবলৈ চৰকাৰক দাবী জনাইছে ।

উল্লেখ্য যে এই হত্যাকাণ্ড সংঘটিত হোৱাৰ আঢ়ৈ বছৰ পাছত সোমবাৰে অৱশেষত ন্যায় পালে দেৱাশীষ গগৈৰ পৰিয়ালে । যোৰহাট জিলা সত্ৰ ন্যায়াধীশৰ আদালতে ৰায় দান কৰে এই হত্যাকাণ্ডৰ গোচৰৰ । আদালতে মুঠ ১৮ দোষীৰ ১১ টা অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ লগতে ৭ টাৰ বিৰুদ্ধে কোনো প্ৰমাণ নোপোৱাত মুকলি কৰি দিয়ে । এই সমগ্র প্ৰক্ৰিয়াত ৫০ জনৰ সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিছিল আদালতে । 

আনহাতে,সোমবাৰে আদালতৰ ৰায় দানৰ পাছত যোৰহাট আদালতত উপস্থিত হৈ দেৱাশীষৰ মাতৃয়ে অশ্ৰুসিক্ত নয়নেৰে কয়, "আদালতৰ ৰায় দান শুনি সুখী হৈছো, লগতে দুখো লাগিছে । সুখী হৈছো কিয়নো আদালতে সঠিক ৰায় দান কৰি দোষীক শাস্তি দিছে । আৰু দুখ লাগিছে এইবাবেই সেই সময়ত যদি মানুহ উত্তেজিত হৈ নপৰিলহেঁতেন তেন্তে আমাৰ পুত্ৰ আজি জীৱিত থাকিলহেঁতেন ।"

লগতে পঢ়ক:Debasish Gogoi lynching case: যোৰহাটৰ দেৱাশীষ গগৈ হত্যাকাণ্ডৰ ৰায়দান; 11 জনক যাৱজ্জীৱন কাৰাদণ্ড

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.