Blisters in LPG cylinders in Majuli: LPG চিলিণ্ডাৰে বিপদ মাতিলে মাজুলীৰ এটা পৰিয়াললৈ - Blisters in LPG cylinders in Majuli
🎬 Watch Now: Feature Video
মাজুলী, ২ আগষ্ট: ৰন্ধন গেছ ব্যৱহাৰ কৰোতে সাৱধান হওক । ব্যৱহাৰ কৰাৰ পূৰ্বে LPG চিলিণ্ডাৰ বাৰে বাৰে পৰীক্ষা কৰক । নহ'লে ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি । কিয়নো, মাজুলীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । LPG চিলিণ্ডাৰত ফুটা ওলোৱাৰ ফলতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি মাজুলীৰ এটা পৰিয়ালত । ভয়ংকৰ বিপদৰ পৰা কথমপি ৰক্ষা পৰে পৰিয়ালটি ।
পূব মাজুলীৰ পুখুৰীপুৰীয়া গাঁৱৰ হীৰা ভূঞা নামৰ লোকজনৰ ঘৰত গেছ ফুটি সৃষ্টি হয় ভয়ংকৰ পৰিস্থিতিৰ । স্থানীয় লোকৰ তৎপৰতাত পুখুৰীত পেলাই দিয়ে ৰন্ধন গেছৰ চিলিণ্ডাৰ । ৰাজলক্ষ্মী নামৰ গেছ এজেঞ্চিয়ে যোগান ধৰিছিল ইণ্ডেন গেছৰ চিলিণ্ডাৰটো । এজেঞ্চি লোকে জানিবলৈ দিয়া অনুসৰি উক্ত গেছ চিলিণ্ডাৰতো ২০৩১ চনলৈকে ম্যাদ থকাৰ কথা । এফালে হীৰা ভূঞা নামৰ লোকজনৰ পৰিয়ালৰ লোকৰ অভিযোগ পুৰণা চিলিণ্ডাৰৰ বাহিৰত ৰং কৰি ৰাইজক যোগান ধৰিছে এজেঞ্চিটোৱে ।
যদি ২০৩১ চনলৈ চিলিণ্ডাৰটোৰ ম্যাদ আছিল তেন্তে কিয় চিলিণ্ডাৰটো ফুটি গেছ নিৰ্গত হ'ল বুলি প্ৰশ্ন উত্থাপন কৰি মাজুলীৰ প্ৰশাসনক উচিত তদন্ত দাবী কৰিছে ভুক্তভোগী পৰিয়ালটিয়ে । কমলাবাৰী ৰাজলক্ষ্মী নামৰ গেছ এজেঞ্চি যোগান ধৰা ইণ্ডেন গেছৰ চিলিণ্ডাৰৰ পৰা গেছ নিৰ্গত হোৱা বাতৰি পূৰ্বে কেইবাবাৰ প্ৰকাশ পাইছে । ইয়াৰ পাছতো এজেঞ্চিটোৱে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে ।
লগতে পঢ়ক: Attempt to murder: প্ৰেমৰ প্ৰস্তাৱ মানি নোলোৱা বাবেই যুৱতীৰ পিঠিত ছুৰীকাঘাত