thumbnail

By

Published : May 12, 2023, 2:30 PM IST

ETV Bharat / Videos

6th Anniversary of Gate Hospital : 6 বছৰত সম্পূৰ্ণ কৰিলে মঠঘৰীয়াস্থিত গেট হাস্পতাল

গুৱাহাটী, 12 মে’ : গুৱাহাটীত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় ৰাজ্যৰ অগ্ৰণী চিকিৎসালয় গেট হাস্পতালৰ ষষ্ঠ বৰ্ষপূৰ্তি অনুষ্ঠান (6th Anniversary celebrate of Gate Hospital)। গুৱাহাটীৰ মঠঘৰীয়াস্থিত গেট হাস্পতাল প্ৰাংগণত বৃহস্পতিবাৰে বিয়লি ভাগৰ পৰা আয়োজিত অনুষ্ঠানত গীত-মাত-কথাৰে জীপাল হৈ পৰে হাস্পতালৰ চৌহদ (6th Anniversary of Gate Hospital) ।

বৰ্ষপূৰ্তি অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজলন কৰে গেট হাস্পতালৰ পৰিচালন সঞ্চালক ডাঃ বেদব্ৰত পাঠকে । ইয়াৰ পিচতে অনুষ্ঠিত হোৱা মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসমীয়া বোলছবি জগতৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ, বিশিষ্ট সমাজ সেৱক চফীক আলী মিৰ্জা, বিজেপিৰ অসম প্ৰদেশৰ কোষাধক্ষ্য মনোজ স্বৰাফ, গেট হাস্পতালৰ সঞ্চালক ডাঃ বনানী চৌধুৰী ।

উক্ত অনুষ্ঠানত গেট হাস্পতালৰ তৰফৰ পৰা হাস্পতালৰ তিনিগৰাকী কৰ্মচাৰী ক্ৰমে দীপ্তি ডেকা, অৰূপ হাজৰিকা, নাজমিন আখটাৰক বৰ্ষশ্ৰেষ্ঠ কৰ্মচাৰী বঁটা প্ৰদান কৰা হয় । ইয়াৰ পিচতে অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানত দিহানাম, বড়ো নৃত্য, বিহু নৃত্য , আধুনিক নৃত্য তথা হাস্পতালখনৰ কেইবাগৰাকী কৰ্মকৰ্তাই পৰিৱেশন কৰা গীত-মাতে অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে ।

উল্লখ্য যে, সামাজিক দায়বদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি বিগত সময় চোৱাত ধৰি অতি দৰিদ্ৰ পৰিয়ালৰ ৰোগীক গেট হাস্পতালে বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়াই আহিছে । অহা বৰ্ষত লাল গনেশত স্থাপন হ’ব ৰবৰ্টিক চিকিৎসাকে ধৰি অত্যাধুনিক চিকিৎসা সেৱা সমৃদ্ধ গেট হাস্পতালৰ আন এক সংস্কৰণ ।

লগতে পঢ়ক : Most punctual airport in World : শামশাবাদ বিশ্বৰ ভিতৰতে আটাইতকৈ সময়নিষ্ঠ বিমানবন্দৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.