A Viral video: অৰুণাচলৰ কামেং নদীৰ পৰা দুটি শিশুক উদ্ধাৰৰ শিহৰণকাৰী দৃশ্য

By

Published : Aug 1, 2022, 12:41 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail
এক শিহৰণকাৰী দৃশ্য । অৰুণাচল প্ৰদেশৰ পূব কামেং জিলাৰে পাৰ হৈ যোৱা কামেং নদীৰ মাজত অৱস্থিত এটা প্ৰকাণ্ড শিলত আৱদ্ধ দুটি শিশু (Two minors rescued from Kameng river) ৷ নদীখনৰ পঁচা ময়ৰাং নামৰ ঠাইখণ্ড এটা শিলত থিয় হৈ থাকোতে হঠাৎ কামেং নদীৰ পানী বৃদ্ধি পাবলৈ ধৰিলে (Water levels of Kameng river increase) ৷ উপায় নাপাই শিশু দুটিয়ে শিলটোৰ ওপৰতে বহি পৰে । সাঁতুৰিব নজনা দুই শিশুৰ ফটো আৰু ভিডিঅ’ ছচিয়েল মেডিয়াযোগে ভাইৰেল হোৱাৰ (A Viral video) পিছত জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ দৃষ্টিগোচৰ হ’ল । জিলা উপায়ুক্ত অভিষেক পৰভিমাল পলুমাতাই তাৎক্ষণিক এখন ৰাফটিং নাৱৰ জৰিয়তে শিশু দুটিক দেওবাৰে সন্ধিয়াৰ ভাগলৈ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ পৰৱৰ্তী সময়ত শিশু দুটি ৬ষ্ঠ শ্ৰেণীত অধ্যয়নৰত দুই ছাত্ৰ লকী দাদা আৰু তাজুক দকা বুলি চিনাক্ত কৰা হয় ।
Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.