ধন লুটিবলৈ আহি ৰঙাঘৰৰ আলহী হ'ল ত্ৰিপুৰাৰ শুভদ্বীপ - Thief snatching a bag from a woman in Narengy
🎬 Watch Now: Feature Video
এ টি এম ৰ পৰা পইচা উলিয়াবলৈ যাওঁতে সাৱধান হোৱা উচিত ৷ কিয়নো আপোনাৰ আশে পাশে থাকিব পাৰে চিলনী চোৰ । আপুনি এ টি এম ৰ পৰা টকা উলিওৱাৰ পিছ মূহুৰ্ততে অজ্ঞাত চিলনীৰ চোৰে থপিয়াই নিব পাৰে আপোনাৰ টকা ভৰ্তি বেগটো । অনুৰূপ ঘটনা সংঘটিত হৈছে গুৱাহাটীৰ নাৰেংগী অঞ্চলত । বীৰকুছিৰ জয়া কলিতা নামৰ মহিলাগৰাকীয়ে নাৰেংগী ইউকো বেংকৰ সন্মুখত থকা এটা এ টি এমৰ পৰা ২১ হাজাৰ টকা উলিয়াইছিল ৷ টকাখিনি উলিয়াই উভতি আহোতেই পূৰ্বৰে পৰা খাপ পিতি থকা চিলনী চোৰে মহিলা গৰাকীৰ পৰা টকাৰ বেগটো কাঢ়ি তাৰ পৰা উধাও হয় (Thief snatching a bag from a woman in Narengy )। মহিলা গৰাকীয়ে চোৰ চোৰ বুলি চিঞৰ-বাখৰ কৰাত স্থানীয় একাংশ যুৱকে চোৰটোক খেদি খেদি নাৰেংগী কেন্দুগুৰি ৰেল লাইনৰ ওচৰত ধৰিবলৈ সক্ষম হয় ৷ চুৰি বেগসহ চোৰটোক কৰায়ত্ত কৰি নুনমাটি আৰক্ষীক গতাই দিয়ে যুৱক কেইজনে । ধৃত চোৰটো ত্ৰিপুৰাৰ শুভ দ্বীপ দত্ত(২০)বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ।
Last Updated : Feb 3, 2023, 8:28 PM IST