Question paper controversy: লিটল ফ্লাৱাৰ বিদ্যালয়ত বাৰেপাচি ভুলেৰে শিক্ষাৰ্থীক বিলালে অসমীয়াৰ প্ৰশ্নকাকত - অসমীয়া প্ৰশ্নকাকত

🎬 Watch Now: Feature Video

thumbnail

By

Published : Dec 16, 2022, 9:58 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

ডিব্ৰুগড়ৰ এখন আগশাৰীৰ স্কুলৰ কৰ্মকাণ্ডক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সচেতন মহলৰ মাজত । অসমীয়া ভাষাক চৰম অপমান লিটল ফ্লাৱাৰ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ (little flower HS school) । আজি বিদ্যালয়ত অনুষ্ঠিত হোৱা তৃতীয় শ্ৰেণীৰ দ্বিতীয় গোট পৰীক্ষাৰ অসমীয়া কাকতক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়া । বাৰেপাচি অসমীয়া শব্দৰ ভুল বানানেৰে ছাত্ৰ-ছাত্ৰীক দিয়া হ'ল প্ৰশ্নকাকত (Assamese question paper with numerous mistakes)। তাৰ পাচতেই শিক্ষাৰ্থীৰ মাজত হাহাকাৰ অৱস্থা (Assamese question paper)। এয়া প্ৰশ্নকাকত নে আন কিবা ! সেয়া লৈও অভিভাৱক আৰু সচেতন নাগৰিকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া । কেৱল অভিভাৱকেই নহয়, সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাইও এনে কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে । বিদ্যালয়সমূহৰ পৰিদৰ্শকক উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে (little flower HS school in Dibrugarh) । ডিব্ৰুগড়ৰ দৰে এখন সম্ভ্ৰান্ত চহৰত এইদৰে এখন আগশাৰীৰ বিদ্যালয়ত অসমীয়া ভাষাক লৈ কৰা ল'ৰা ধেমালিয়ে বুজাই দিছে প্ৰকৃতাৰ্থত ইংৰাজী মাধ্যমৰ বিদ্যালয় সমূহে কিমান গুৰুত্ব দিয়ে অসমীয়া ভাষা ।
Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.