চিত্ৰশিল্পী নীলিম মহন্তক মুকলিৰ আহ্বান মাজুলীৰ মুখাশিল্পীৰ
🎬 Watch Now: Feature Video
দেওবাৰে বৃহৎ নদী বান্ধৰ বিৰোধীতাৰে দেৱালত চিত্ৰ অংকন কৰাৰ বাবে অৰুণাচল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল চিত্ৰশিল্পী নীলিম মহন্তক (Graffiti Artist Nilim Mahanta arrested By Arunachal Police)৷ ইয়াৰ পিছতে সমগ্ৰ ৰাজ্যত প্ৰতিবাদ, প্ৰক্ৰিয়াৰ সৃষ্টি হৈছে ৷ মাজুলীৰো বিভিন্নজন শিল্পীয়ে নীলিম মহন্তক গ্ৰেপ্তাৰৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । চিত্ৰশিল্পীগৰাকীক গ্ৰেপ্তাৰ কৰাক লৈ মুখাশিল্পৰ বাবে প্ৰখ্যাত মাজুলীৰ চামগুৰি সত্ৰৰ প্ৰসন্ন গোস্বামীয়ে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া । শিল্পীৰ স্বাধীনতা খৰ্ব কৰা হৈছে বুলি তেঁও মন্তব্য আগবঢ়ায় । অতি সোনকালে শিল্পীগৰাকীক মুকলি কৰি দিবলৈ মুখাশিল্পী প্ৰসন্ন গোস্বামীয়ে জনাইছে আহ্বান ।
Last Updated : Feb 3, 2023, 8:21 PM IST