ETV Bharat / bharat

ভাৰতীয় বায়ুসেনাই পশ্চিম সীমান্তত মোতায়েন কৰিলে টেজাছ

author img

By

Published : Aug 19, 2020, 5:52 AM IST

চীনৰ সৈতে অব্যাহত থকা বিবাদমান পৰিস্থিতিৰ মাজতে ভাৰতীয় বায়ুসেনাই পশ্চিম সীমান্ততো সুৰক্ষাজনিত দিশটো অধিক বঢ়াই তুলিছে ৷ ভাৰতীয় বায়ুসেনাৰ ৱেষ্টাৰ্ণ এয়াৰ কামাণ্ডৰ অধীনত 45 স্কোৱাড্ৰণত বায়ুসেনাই শেহতীয়াকৈ মোতায়েন কৰিছে এলচিএ টেজাছ ৷

ভাৰতীয় বায়ুসেনাই পশ্চিম সীমান্তত মোতায়েন কৰিলে টেজাছ
ভাৰতীয় বায়ুসেনাই পশ্চিম সীমান্তত মোতায়েন কৰিলে টেজাছ

নিউজ ডেস্ক, 18 আগষ্ট : দেশৰ স্বদেশী যুদ্ধবিমানৰ দিশটোত ভাৰতীয় বায়ুসেনাই অধিক গুৰুত্ব প্ৰদান কৰিছে ৷ এনে অৱস্থাত ভাৰতীয় বায়ুসেনাই ইতিমধ্যেই লাভ কৰিছে দেশৰ ভিতৰতে নিৰ্মিত লাইট কম্বেট এয়াৰক্ৰাফ্ট চমুকৈ এলচিএ টেজাছ ৷ শেহতীয়াকৈ চীনৰ সৈতে ভাৰতৰ সম্পৰ্ক অৱনতি ঘটাৰ পিচতেই ভাৰতীয় বায়ুসেনাই সামৰিকভাৱে গুৰুত্বপূৰ্ণ দেশৰ পশ্চিম বায়ু সীমান্তৰ সুৰক্ষাৰ দিশটোত অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে ৷ চীনৰ সৈতে হোৱা বিবাদৰ পিচতেই ভাৰতীয় বায়ুসেনাই পাকিস্তান সীমান্তত নিয়োগ কৰিলে টেজাছ ৷

চৰকাৰী সূত্ৰই এই কথা প্ৰকাশ কৰিছে ৷ ফ্লায়িং ডেগাৰ্ছৰ নামেৰে খ্যাত 45 স্কোৱাড্ৰণ দক্ষিণ এয়াৰ কামাণ্ডৰ চুলুৰ বিমানঘাটিস্থিত যদিও পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়ে ইয়াক পশ্চিম সীমান্তত নিয়োগ কৰা হৈছে বুলি উল্লেখ কৰে সূত্ৰই ৷

ভাৰতীয় বায়ুসেনা প্ৰধান এয়াৰ চীফ মাৰ্শ্বেল আৰকেএছ ভাদুৰীয়াই 27 মে'ত টেজাছৰ 18 স্কোৱাড্ৰণ (ফ্লায়িং বুলেটছ)ক কাৰ্যক্ষম হিচাপে অভিযানত ব্যৱহাৰ কৰিবলৈ অনুমতি প্ৰদান কৰিছিল ৷ ইয়াৰ আন এটা স্কোৱাড্ৰণ ইতিমধ্যে কাৰ্যক্ষম হোৱাৰ ফলত আগবাঢ়ি আছে ৷ ভাৰতীয় বায়ুসেনা আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ে ইতিমধ্যেই চলিত বৰ্ষৰ শেষৰ ফালে 83খন মাৰ্ক ওৱান টেজাছ বায়ুসেনাত সংযোজন কৰিব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়কঃ চীন-ভাৰতৰ মাজত উদ্বেগ বৃদ্ধি, হ'টনত চীনে মোতায়ন কৰিলে J-20 যুঁজাৰু বিমান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.