কাজিৰঙা: ৰাষ্ট্ৰীয় জলপথৰ সৰ্বাংগীণ বিকাশৰ বাবে অহা ৫ বছৰত ৫০ হাজাৰ কোটি টকাৰ বিনিয়োগ কৰাৰ পৰিকল্পনাৰে আজি কাজিৰঙাত অনুষ্ঠিত হয় আভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদৰ সভা ৷ কাজিৰঙাত অনুষ্ঠিত এই সভাত দেশৰ আভ্যন্তৰীণ জলপথৰ প্ৰচাৰ-প্ৰসাৰ আৰু নীতিগত তথা বিভিন্ন কাৰিকৰী আৰু আনুষংগিক আলোচনাৰ জৰিয়তে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰা হয় ।
কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰণালয়ৰ অধীনত জলপথৰ বিকাশৰ বাবে দায়বদ্ধ ন'ডেল সংস্থা ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে আয়োজন কৰা পৰিষদৰ দ্বিতীয়খন বৈঠকত দেশৰ আভ্যন্তৰীণ জলপথৰ বিকাশৰ বাবে অহা পাঁচ বছৰত ৫০ হাজাৰ কোটিতকৈও অধিক বিনিয়োগৰ কথা ঘোষণা কৰা হৈছে । শুকুৰবাৰে কাজিৰঙাত ২১ খন ৰাজ্যৰ আভ্যন্তৰীণ জলপথ খণ্ডৰ সৰ্বাংগীণ উত্তৰণৰ বাবে ১,৪০০ কোটিতকৈও অধিক মূল্যৰ নতুন পদক্ষেপ ঘোষণা কৰা হয় । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা এই বৈঠকত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অধ্যক্ষতা কৰে ।
যুৱ প্ৰজন্মক প্ৰশিক্ষণ প্ৰদানৰ ব্য়ৱস্থা :
মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়," ৰাষ্ট্ৰীয় জলপথৰ পাৰত বাস কৰা লোকসকলৰ জীৱনৰ মান উন্নত কৰাৰ বাবে আন্তঃগাঁথনিৰ বিকাশ,বাণিজ্য আৰু পৰ্যটনৰ প্ৰচাৰ-প্ৰসাৰ,দক্ষতা বৃদ্ধি,যুৱ প্ৰজন্মক প্ৰশিক্ষণ প্ৰদান আৰু নদী কাষৰীয়া সম্প্ৰদায়সমূহৰ নদীৰ পৰম্পৰাগত জ্ঞান উন্নত কৰাৰ বাবে নদীকেন্দ্ৰিক জনগণৰ সামূহিক উন্নয়ন আঁচনিৰ ৰূপত এক গুৰুত্বপূৰ্ণ নীতিগত পদক্ষেপ গ্ৰহণ কৰা হৈছে।" তেওঁ পুনৰ কয় যে উপকূলীয় সম্প্ৰদায়ৰ বিকাশৰ সৈতে সংগতি ৰাখি নদীকেন্দ্ৰিক জনগণৰ সামূহিক উন্নয়ন প্ৰকল্প ৰূপায়ণ হ'ব ।
ৱাটাৰ মেট্ৰ'প্ৰকল্পৰ সম্প্ৰসাৰণ :
সামুদ্ৰিক খণ্ডত দক্ষ জনশক্তি বৃদ্ধিৰ বাবে ডিব্ৰুগড়ত আঞ্চলিক উৎকৰ্ষতাৰ কেন্দ্ৰ স্থাপন কৰা হ'ব বুলি সোণোৱালে উল্লেখ কৰি কয়," কোচিনৰ ৱাটাৰ মেট্ৰ'ৰ সফলতাৰ আৰ্হিত গুৱাহাটীকে ধৰি দেশৰ ১৫ খন চহৰত ৱাটাৰ মেট্ৰ'প্ৰকল্পৰ সম্প্ৰসাৰণ কৰা হ'ব । ২০৩০ চনৰ ভিতৰত ৰাষ্ট্ৰীয় জলপথ-২ (ব্ৰহ্মপুত্ৰ),ৰাষ্ট্ৰীয় জলপথ-১৬ (বৰাক) আৰু ভাৰত-বাংলাদেশ প্ৰট'কল জলপথৰ উন্নয়নৰ বাবে ৩,০০০ কোটিতকৈও অধিক বিনিয়োগ কৰা হ'ব । শীঘ্ৰেই অধিক ৰাষ্ট্ৰীয় জলপথৰ বাবে পাণ্ডুত নিৰ্মীয়মান জাহাজ মেৰামতি কেন্দ্ৰৰ দৰে জাহাজ মেৰামতিৰ সুবিধা কেন্দ্ৰ স্থাপন কৰা হ'ব ।"
নদী ট্ৰেফিক আৰু নেভিগেচন প্ৰণালী নিৰ্দেশনা মুকলি :
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ৰাষ্ট্ৰীয় নদী ট্ৰেফিক আৰু নেভিগেচন প্ৰণালী নিৰ্দেশনা মুকলি কৰে । সৰ্বানন্দ সোণোৱালে আভ্যন্তৰীণ জলপথ পৰিবহণ বৃদ্ধিৰ বাবে বিভিন্ন ৰাজ্যত ৬২টা নতুন জেটি ঘোষণা কৰি কয়," যাত্ৰীৰ সুচল চলাচলৰ বাবে সকলো কাৰ্যকৰী ৰাষ্ট্ৰীয় জলপথত কুইক পণ্টুন অপেনিং মেকানিজম (কিউপিঅ'এম) স্থাপন কৰা হ'ব । নতুন ৰাষ্ট্ৰীয় জলপথ উন্নয়ন আৰু সেউজ জাহাজ পৰিবহণৰ বাবে ২৩,০০০ কোটিৰো অধিক পুঁজি ধাৰ্য কৰা হ'ব ।"
বিগত বছৰকেইটাত অসমৰ আভ্যন্তৰীণ জলপথ খণ্ডত ১,০০০ কোটিতকৈও অধিক পুঁজি বিনিয়োগ কৰা হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উল্লেখ কৰি কয়,"বিগত ১০ বছৰত ভাৰতৰ আভ্যন্তৰীণ জলপথ খণ্ডত আমূল পৰিৱৰ্তনৰ সূচনা হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত সমগ্ৰ দেশৰ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জলপথ খণ্ডৰ অপাৰ শক্তি-সম্ভাৱনাক অফুৰন্ত সুযোগলৈ ৰূপান্তৰিত কৰাত যথেষ্ট সফল হৈছে ।" ২০১৪ চনলৈকে আমাৰ দেশৰ জলপথ খণ্ডত মাল পৰিচালনা কৰাৰ পৰিমাণ আছিল কেৱল ১৮.১ মেট্ৰিক টন বুলি উল্লেখ কৰি সোণোৱালে কয়," ২০১৪ চনৰ পাছত এই পৰিমাণ বৃদ্ধি পালে ১৩৩ মিলিয়ন টনলৈ । ২০১৪ চনৰ পূৰ্বে দেশৰ আভ্যন্তৰীণ জলপথ খণ্ডত মাত্ৰ ১৫০০ কোটি টকা বিনিয়োগ হৈছিল । তাৰ বিপৰীতে ২০১৪ চনৰ পৰা ২০২৪ চনলৈ আভ্যন্তৰীণ জলপথ খণ্ডত ৭০০০ কোটি টকাৰ বিনিয়োগ কৰা হৈছে ।"
কাজিৰঙাত অনুষ্ঠিত আভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদৰ দ্বিতীয় সংস্কৰণত ১৪০০ কোটি টকাতকৈও অধিক ব্যয়ৰ প্ৰকল্পৰ শুভাৰম্ভ/ঘোষণা কৰা হয় । ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিয়ে অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে বুলি উল্লেখ কৰি জলপথৰ জৰিয়তে নৱনিৰ্মাণ দেশৰ প্ৰগতিত নতুন প্ৰাণ সঞ্চাৰ কৰাৰ দিশত এই পৰিষদীয় বৈঠকে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি কয় সৰ্বানন্দ সোণোৱালে ।
ডিব্ৰুগড়ত মুকলি হ'ব আঞ্চলিক উৎকৰ্ষতাৰ কেন্দ্ৰ:
আনহাতে, আগন্তুক ৫ বছৰত দেশৰ আভ্যন্তৰীণ জলপথ খণ্ডত ৫০ হাজাৰ কোটি টকাৰ পুঁজি বিনিয়োগ কৰা হ'ব বুলি উল্লেখ কৰি সোনোৱালে কয়," আগন্তুক ৫ বছৰত ১০০০ খন জাহাজক সেউজ জাহাজলৈ ৰূপান্তৰিত কৰা হ'ব, যিয়ে ত্বৰান্বিত কৰিব পৰিৱেশ অনুকূল জল পৰিবহণ ব্যৱস্থাক । অসমৰ জল পৰিবহণ ব্যৱস্থাক এক নতুন গতি প্ৰদানেৰে কোচিনত সূচনা হোৱা চহৰীয়া মেট্ৰ' জল পৰিবহণ ব্যৱস্থাৰ আৰ্হিত গুৱাহাটীকে ধৰি দেশৰ ১৫ খন চহৰত এই অভিনৱ ব্যৱস্থা আৰম্ভ কৰা হ'ব । তদুপৰি যুৱ প্ৰজন্মৰ মাজত সামুদ্ৰিক খণ্ডৰ দক্ষতা বৃদ্ধি কৰাৰ লক্ষ্যৰে দেশৰ বিভিন্ন ঠাইৰ লগতে ডিব্ৰুগড়ত আঞ্চলিক উৎকৰ্ষতাৰ কেন্দ্ৰ মুকলি কৰা হ'ব । "
চৰকাৰে নদীকেন্দ্ৰিক সামূহিক উন্নয়নতো বিশেষ অগ্ৰাধিকাৰ দিয়াৰ কথাও উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয়," ২১ খন ৰাজ্যৰ মন্ত্ৰী,প্ৰতিনিধিৰে মুখৰিত হৈ উঠা আভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদৰ দ্বিতীয় সংস্কৰণৰ বিভিন্ন অধিৱেশনে জল পৰিবহণ খণ্ডৰ উত্তৰণৰ বাবে নতুন চিন্তা-চৰ্চা, শক্তি-সম্ভাৱনাৰ পথ প্ৰশস্ত কৰিব । বিকশিত ভাৰতৰ গতি ত্বৰান্বিত কৰাত বিকশিত জলপথে সবল ভূমিকা গ্ৰহণ কৰি যাব ।"
বিভিন্ন প্ৰকল্প ঘোষণা :
ইপিনে, আজি ঘোষণা কৰা বিভিন্ন প্ৰকল্পৰ ভিতৰত আছে- ডিব্ৰুগড়ৰ ঐতিহ্য ভৱনৰ পুনৰ্নিৰ্মাণ, অসমৰ ৪টা স্থানত পৰ্যটক টাৰ্মিনেলৰ বিকাশ, ডিব্ৰুগড়ৰ আঞ্চলিক উৎকৰ্ষ কেন্দ্ৰৰ নিৰ্মাণ,পাণ্ডু জাহাজ মেৰামতি কেন্দ্ৰৰপৰা পাণ্ডু বন্দৰলৈ সংযোগী পথৰ নিৰ্মাণ, ৰাষ্ট্ৰীয় জলপথ-১৬ (বৰাক নদী) টাৰ্মিনেলৰ বাবে ২টা ষ্টীল পণ্টুন স্থাপন, ৰাষ্ট্ৰীয় জলপথ-২ (ব্ৰহ্মপুত্ৰ) আৰু ৰাষ্ট্ৰীয় জলপথ-১৬ (বৰাক)ত চলাচলৰ বাবে ১২ খন জাহাজ ক্ৰয় আৰু বৰাক নদীৰ বাবে এখন জৰীপ জাহাজ ।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, "যোৱা ১৫ ডিচেম্বৰ ২০২৪ তাৰিখে কলকাতাৰ পৰা আমি ফ্লেগ্-অফ কৰা কলকাতা-পাণ্ডু সংযোগী জাহাজ সেৱাই ইতিমধ্যে সফলতাৰে পাণ্ডু বন্দৰত প্ৰৱেশ কৰে । এই জলবাহক আঁচনিয়ে ৯৫.৪ কোটি টকা ব্যয়সাপেক্ষে দেশৰ জলপথলৈ প্ৰায় ৮০০ নিযুত টন কিল'মিটাৰ মাল স্থানান্তৰক উৎসাহিত কৰিব, যি হৈছে ৰাষ্ট্ৰীয় জলপথত বৰ্তমানৰ ৪,৭০০ নিযুত টন কিল'মিটাৰ কাৰ্গ'ৰ প্ৰায় ১৭%। জলপথেৰে মালবাহী জাহাজৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে এক গুৰুত্বপূৰ্ণ আঁচনি 'জলবাহক'এ ৰাষ্ট্ৰীয় জলপথ ১ (গংগা) আৰু ৰাষ্ট্ৰীয় জলপথ ২ (ব্ৰহ্মপুত্ৰ) আৰু ৰাষ্ট্ৰীয় জলপথ ১৬ (বৰাক)ৰ জৰিয়তে দীঘলীয়া যাত্ৰাৰ সামগ্ৰীৰ চলাচলত উদগনি দিব । প্ৰথমখন জাহাজ-দুখন ডাম্ব বাৰ্জ অজয় আৰু দিখুৰ সৈতে এমভি ত্ৰিশূলে কলকাতাৰ জিআৰ জেটিৰ পৰা ভাৰত-বাংলাদেশ প্ৰট'কল ৰুট (আইবিপিআৰ) হৈ গুৱাহাটীৰ পাণ্ডুলৈ ইতিমধ্যে সফলতাৰে ১৫০০ টন চিমেণ্ট কঢ়িয়াই আনিছে, যি হৈছে ৭৫০ খন ট্ৰাকে কঢ়িয়াই আনিব পৰা সামগ্ৰীৰ সমান । জলপথৰ সমৃদ্ধিৰ দ্বাৰা স্থলপথসমূহত যাতায়াতৰ চাপ হ্ৰাস পাব, ৰচদ-পাতিৰ খৰচ কমাব পৰা যাব আৰু পৰিৱেশ তথা সেউজ অনুকূল পৰিবহণ ত্বৰান্বিত হ'ব ।"
ৰাজ্যিক সমৰ্থন চুক্তি স্বাক্ষৰিত:
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত আজি পৰিষদৰ বৈঠকত ৰাষ্ট্ৰীয় জলপথৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ আৰু ৰাজ্যিক প্ৰতিনিধিসকলৰ মাজত ৰাজ্যিক সমৰ্থন চুক্তি স্বাক্ষৰিত হয় । এই বৈঠকত মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী শান্তনু ঠাকুৰ,গোৱাৰ বন্দৰ মন্ত্ৰী এলেক্স' ছেকুয়েৰা,অসমৰ পৰিবহণ মন্ত্ৰী যোগেন মহন,মণিপুৰৰ পৰিবহণ মন্ত্ৰী খাছিম ভাশুম,জম্মু-কাশ্মীৰৰ পৰিবহণ মন্ত্ৰী সতীশ শৰ্মা, মিজোৰামৰ পৰিবহণ মন্ত্ৰী বনলাল্হলানা আৰু অৰুণাচল প্ৰদেশৰ পৰিবহণ মন্ত্ৰী অজিং টেছিং উপস্থিত থাকে ।